31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বৰমাত পুৰণি বিজেপি কুমুদ দাসে লাভ কৰিবনে টিকট?

    ■ গুৱাহাটীঃ অসমৰ বিধান সভা নিৰ্বাচন সমাগত। ইয়াকে লৈ ৰাজ্যৰ ভিন্ন সমষ্টিসমূহৰ দলীয় নেতাসকলৰ মাজত সম্প্ৰতি টিকট পোৱা-নোপোৱাক লৈ আশা-নিৰাশাৰ সৃষ্টি হৈছে। একেদৰে, দলীয় কৰ্মী আৰু সমৰ্থকসকলৰ মাজতো বৃদ্ধি পাইছে কৌতূহল। প্ৰিয় নেতা জনে টিকট পাব নে নাপায়! নিৰ্বাচনৰ পূৰ্বৰ এই পৰিবেশ ৰাজ্যখনৰ ১২৬ টা সমষ্টিতেই প্ৰায় একে। ইয়াৰে ভিতৰত বাক্সাৰ ৬২নং বৰমা বিধান সভা সমষ্টিটোত এইবাৰ শাসকীয় দলৰ কোনজন নেতাই টিকট লাভ কৰিব, তাকে লৈ বৰ্তমান সৃষ্টি হৈছে ব্যাপক চৰ্চা। জানিবপৰা মতে, সুদীৰ্ঘ দুটা দশক ধৰি সমষ্টিটোত শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ ভেটি সবল কৰাত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা যুৱ নেতা কুমুদ দাসে এইবাৰ দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। উল্লেখযোগ্য় যে ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ অন্যতম অংশীদাৰ দল বিপিএফৰে গেৰুৱা দলটোৰ শেহতীয়া মনোমালিন্যৰ পৰিপ্ৰেক্ষিতত বিপিএফৰ দখলত থকা সমষ্টিটোত বিজেপিৰ বিজয়ধ্বজা উৰুৱাবলৈকে যুৱ নেতা দাসে টিকটৰ আশা কৰিছে। বিগত ১৫ টা বছৰে বিপিএফৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ দখলত থকা সমষ্টিটোৰ ভোটাৰসকলৰ মাজত তেওঁৰ প্ৰতি আস্থা ক্ৰমাৎ নোহোৱা হৈ পৰাৰ উমান লাভ কৰা হৈছে। মূলতঃ সুদীৰ্ঘ ৩ টা কাৰ্যকাল বিধায়ক হোৱাৰ বিপৰীতে উন্নয়নত লক্ষ্যণীয় সফলতা অৰ্জন কৰিব নোৱাৰোটোৱেই ইয়াৰ মূল কাৰণ। ইয়াৰ পৰিপ্ৰেক্ষিতত দাসে ইতিমধ্যে সমষ্টিটোত নিৰ্বাচনমুখী সক্ৰিয়তা আৰম্ভ কৰিছে। সমষ্টিটোকে প্ৰমুখ্য কৰি জিলাখনত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত কৰাত তেওঁ আগ-ভাগ গ্ৰহণ কৰা দেখা গৈছে। ছাত্ৰ অৱস্থাৰেপৰা সমাজসেৱাৰ প্ৰতি আগ্ৰহী দাসে দলৰ মজিয়াত বৰ্তমান পৃষ্ঠাপ্ৰমুখসকলকো প্ৰতিখন গৃহস্থীলৈ গৈ ৰাইজৰ সুবিধা-অসুবিধাৰ বুজ ল’বলৈ আহ্বান জনায়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে কুমুদ দাস হৈছে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যও। সেয়ে যোৱা কিছুদিনৰপৰা দাসে দলীয় কৰ্মী-সমৰ্থকক লগত লৈ জিলাখনৰ প্ৰতিটো সমষ্টিৰে ভোটাৰৰ মনৰ বুজ লোৱাৰ সমান্তৰালভাৱে সভা অনুষ্ঠিত কৰি উন্নয়নৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আহ্বান জনোৱাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। দাসৰ প্ৰশ্ন মাথো এটাই! স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত বৰমা সমষ্টিটোৱে ৰাজ্যখনৰ বাকীবোৰ সমষ্টিৰ দৰে উন্নয়নৰ দিশত আগুৱাই যাব পাৰিছে জানো? প্ৰসংগক্ৰমে, সমষ্টিটোৰ যুৱ সমাজৰ মাজত দাসৰ গ্ৰহণযোগ্যতা অসীম। যাৰ বাবে সমষ্টিটোৰ যুৱ ভোটাৰসকলেও দাসে টিকট লাভ কৰাটো বিচাৰিছে। কেৱল, এয়াই নহয়, বৰ্তমানৰ বিধায়কজনক সমষ্টিবাসীয়ে এতিয়াও ভালদৰে চিনি নোপোৱাৰ বিপৰীতে দাস হৈছে এজন সৰ্বজন সমাদৃত সমাজকৰ্মী তথা নেতা। এক অৰ্থত সকলো প্ৰজন্মৰ ভোটাৰৰ মাজতে দাসৰ প্ৰতি আস্থা আৰু বিশ্বাস হৈছে দীৰ্ঘদিনীয়া। ইতিমধ্যে, প্ৰদেশ বিজেপিয়ে দলীয় প্ৰাৰ্থী বাছনিৰ কাম পূৰ্ণগতিত আগবঢ়াইছে। সমষ্টিভিত্তিক অনুসন্ধানৰ ভিত্তিত দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। সেয়েহে, দলৰ বাছনিত যদি দাস যোগ্য বিবেচিত হয়, তেন্তে বৰমা সমষ্টিয়ে এজন কৰ্মদক্ষ বিধায়ক লাভ কৰাটো সম্ভৱ হৈ উঠিব।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.