Saturday, July 12, 2025
27.5 C
Guwahati
TOP NEWS:

বৰভাগত চাৰিদিনীয়াকৈ গ্ৰন্থ মেলা আয়োজন

- Advertisement -

নলবাৰী ১৫ নৱেম্বৰ :

নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সন্ধানৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ সসযোগত ১৬ নবেম্বৰৰ পৰা চাৰিদিনীয়াকৈ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মহামহোপধ্যায় ধীৰেশ্বৰাচাৰ্য সোঁৱৰণী গ্ৰন্থমেলা ক্ষেত্ৰত গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে।

ইতিমধ্যে ড০ ধনেশ্বৰ বৈশ্যক সভাপতি, তাজিম‌উদ্দিন আহমেদক মুখ্য সম্পাদক আৰু প্ৰদীপ মহন্তক কাৰ্যসূচী সমন্বয়ক হিচাপে লৈ এখন গ্ৰন্থমেলা আয়োজক সমিতি গঠন কৰা হৈছে।

গ্ৰন্থ মেলা উপলক্ষে প্ৰথমদিনা ৰাতিপুৱা ‘বৰভাগ গ্ৰন্থমেলা ২০২১’ৰ পতাকা উত্তোলন কৰিব আয়োজক সমিতিৰ সভাপতি ড০ ধনেশ্বৰ বৈশ্য‌ই।

সন্ধানৰ পতাকা উত্তোলন কৰিব সন্ধানৰ সভাপতি মিৰ্জা মুছাদ্দিকুৰ ৰহমানে। বৰভাগ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা নিবেদিতা গোস্বামীয়ে। ইয়াৰ পিছতে আছে গছপুলি ৰোপণ, শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, ভগৱান চন্দ্ৰ মজুমদাৰ সোঁৱৰণী গ্ৰন্থমেলাৰ মূল তোৰণ মুকলি, বিপণী মুকলি, ডাঃ ফৰিদুৰ ৰহমান সোঁৱৰণী গ্ৰন্থমেলাৰ মঞ্চ মুকলি।

ছাত্র-ছাত্ৰীৰ বিদ্যায়তনিক দিশ আৰু স্বাস্থ্য সম্পৰ্কে কথোপকথন, স্মৃতি গ্ৰন্থ উন্মোচন, সন্ধিয়া সপ্ত শ্বহীদ আৰু ৪২’ৰ শ্বহীদ মুকুন্দ কাকতীৰ স্মৃতিত বন্তি প্ৰজ্বৃলন আৰু মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা। দ্বিতীয় দিনা দ্বীপমনি ভূঞা সোঁৱৰণী সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, ইয়াৰ পিছতে গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰু কাব্যিক অনুষ্ঠান কবিতা সন্ধিয়া । তৃতীয়দিনা চিত্ৰাংকণ প্ৰতিযোগিতা, বীনা লহকৰ সোঁৱৰণী সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা, অৱসৰী অধ্যক্ষ প্ৰয়াত কনক চন্দ্ৰ হালৈ সোঁৱৰণী আলোচনা চক্ৰ আৰু ‘মোৰ মাটিৰ গান’ শীৰ্ষক অনুষ্ঠান।

চতুৰ্থদিনা ‘বৰভাগ সৌৰভ’ শীৰ্ষক অনুষ্ঠানৰ পিছতে সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট সাহিত্যিক সমালোচক ময়ুৰ বৰা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শ‌ইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সহকাৰী সম্পাদক বিজন বায়নে। সন্ধিয়া ‘সুৰৰে দেউলৰে’ শীৰ্ষক গীত-মাতৰ অনুষ্ঠানেৰে গ্ৰন্থ মেলাৰ সামৰণী পৰিব।

ফইজুল হক চৌধুৰী

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °