Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বীৰছা মুণ্ডা নামেৰে পৰিচিত ধৰতি আবাৰ ১৫০ সংখ্যক জন্মজয়ন্তী দেওবাৰে নতুন দিল্লীত উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নতুন দিল্লী: বীৰছা মুণ্ডা নামেৰে পৰিচিত ধৰতি আবাৰ ১৫০ সংখ্যক জন্মজয়ন্তী দেওবাৰে নতুন দিল্লীত উদযাপন কৰে অসমৰ বিশিষ্ট আদিবাসী সমাজকৰ্মী ডি কে চৌহানৰ ‘আধুনিক ইণ্ডিয়া’ নামৰ সংস্থাটোয়ে। নতুন দিল্লীৰ লেডী হাৰ্ডিং চিকিতসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানটোত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামকে ধৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰিয়া আৰু কেবাটাও দেশৰ ৰাষ্ট্ৰদূতসকলে অংশ গ্ৰহণ কৰে। মন্ত্ৰী ওৰামে বীৰছা মুণ্ডাক চালাম জনাই কয় যে আদিবাসী জনগণক উত্তৰণৰ বাট প্ৰদৰ্শনা বীৰাছা মুণ্ডাক এনেই ভগৱানৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই।

যুদ্ধ দেশৰ বাবেই হওক কিম্বা সামাজিক-ৰাজনৈতিক অধিকাৰ লাভৰ বাবে, যুদ্ধ কেনেদৰে জয় লাভ কৰিব পাৰি তেওঁৰ পৰাই শিক্ষা লোৱা উচিত। বীৰছা মুণ্ডাৰ জীৱন বৃত্তান্তই তেওঁৰ জীৱনক কেনেকৈ প্ৰভাবিত কৰিছিল সেই কথা আচাৰিয়াই নিজৰ ভাষণত দাঙি ধৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বছুমতাৰীয়ে কয় যে মাত্ৰ ২৫ বছৰ বয়সতেই বৃটিচ সাম্ৰাজ্য কঁপাই তোলা বীৰছা মুণ্ডাই শিকাই থৈ গৈছে যে যতেই আদিবাসী আছে, বনভূমি সুৰক্ষিত আছে। আনহাতে অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় আধুনিক ইণ্ডিয়াৰ ডি কে চৌহানে। লক্ষ্যনীয়ভাবে অনুষ্ঠানত অসম, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, মধ্য প্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানৰ উপৰি চুবৰীয়া নেপালৰ পৰা অহা লোকেও অংশ গ্ৰহণ কৰে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °