বিষ্ণু ৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিক্ষাৰ্থী সকলক কভিড ভেকচিন প্ৰদান
ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ কিশোৰীক ভেকচিন প্ৰদান কাৰ্যসূচী। নলবাৰীত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে উপায়ুক্ত গীতিমনি ফুকন, অতিৰিক্ত উপায়ুক্ত ফিৰদৌছ আলম শ্বেখ,যুতিয়া স্বাস্থ্য সঞ্চালকে ধৰি বহুতো বিষয়া। ইয়াৰ পিছত সমগ্ৰ নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয় সমুহৰ লগতে নলবাৰী জিলাৰ বৰভাগৰ বড়িদতৰাস্থিত বিষ্ণু ৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী সকলক কভিড ভেকচিন প্ৰদান কৰে কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলে।
বিদ্যালয় খনৰ প্ৰধান শিক্ষক ঘনেশ্বম কলিতাই চৰকাৰৰ এনে পদক্ষেপক প্ৰশংসা কৰাৰ লগতে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী মুঠ ২১৫ গৰাকীক কভিড ভেকচিন লোৱাৰ ব্যৱস্থা কৰা হয় বুলি জনাই।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply