বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত সম্পন্ন
১০ ডিচেম্বৰ :- আজি বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন খনি বিশ্বনাথ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ সমূহীয়া ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । স্থানীয় মহিলা ইন্দ্ৰানী বৰাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে জিলা সমিতিৰ সম্পাদক ঠানুৰাম শৰ্মাই । জিলা সমিতিৰ সভাপতি বিজয় গোস্বামীয়ে পুৱা প্ৰথমে পতাকা উত্তোলন কৰাৰ পিছতে দ্বিতীয় কাৰ্যসূচী স্মৃৰ্তি তৰ্পণ কৰে জিলাৰ উপ-সভাপতি পদ্মেশ্বৰ হাজৰিকাই, ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়াই তাৰ পিছতেই অনুষ্ঠিত হোৱা সাধাৰণ সভাখনি উদ্ধোধন কৰে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । সভাই আগন্তুক কাৰ্যকালৰ বাবে খগেন গোস্বামী, বিজয় গোস্বামী, পদ্মেশ্বৰ হাজৰিকাক উপদেষ্টা, পৰমানন্দ মুদৈক সভাপতি, যজ্ঞ বৰাক কাৰ্যকৰী সভাপতি, প্ৰদীপ শইকীয়াক উপ সভাপতি, থানুৰাম শৰ্মাক সম্পাদক, যজ্ঞশ্বৰ বৰুৱাক সহকাৰী সম্পাদক, বিপিন বৰা আৰু দিলীপ বৰকটকীক সাংগঠনিক সম্পাদক, কমল ভূঞাক বিত্ত সম্পাদক, প্ৰশান্ত কাকতী, মহেশ বৰঠাকুৰ, অৰুণ কুমাৰ চাহা, পূৰ্ণ বৰুৱা, হেমন্ত শইকীয়া, জীৱন হাজৰিকা, ৰমেশ নাথ, কৃপালী গোস্বামী, কুঞ্জলতা হাজৰিকা, শান্তিৰাণী দেৱী আৰু অৰ্চনা চাহুক কাৰ্যকৰী সদস্য, কৃৰ্তী গোস্বামীক হিচাপ পৰীক্ষক হিচাপে লৈ ১৯ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ।
Leave a Reply