Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলাৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত সাংবাদিকক মুখ্যমন্ত্রীৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান

- Advertisement -

জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই কৰিলে আনুষ্ঠানিকভাৱে বিতৰণ

বিশ্বনাথ জিলাৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত সাংবাদিকক মুখ্যমন্ত্রীৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান

- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ  ১৮ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা স্বীকৃতি লাভ কৰা বিশ্বনাথ জিলাৰ সাংবাদিক সকলৰ বাবে ইংৰাজী নৱবৰ্ষ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা শুভেচ্ছামূলক উপহাৰ (Goodwill Gift) সমুহ বিশ্বনাথ জিলাৰ সাংবাদিক সকলৰ মাজত আনুষ্ঠানিকভাৱে আজি বিতৰণ কৰা হয়। সেই উদ্দেশ্যে বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আয়োজিত বিশেষ অনুষ্ঠানটিত জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্বনাথ জিলাৰ সাংবাদিক সকলক উপহাৰৰ টোপোলা সমুহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মুখ্যমন্ত্রীয়ে প্ৰেৰণ কৰা উপহাৰৰ টোপোলাসমুহ প্ৰদান কৰি নাতিদীৰ্ঘ বক্তব্যত জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই সাংবাদিক সকলে সকলো সময়তে জনাই অহা সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

সাংবাদিক সকলৰ হৈ সাংবাদিক প্ৰণৱ ওজাইও নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি এনে উপহাৰৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত অতিৰিক্ত জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পুষ্পাংকৰ পাটিৰ, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা, জিলাখনৰ স্বীকৃতিপ্রাপ্ত সাংবাদিক সকলৰ লগতে জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত আছিল।

- Advertisement -

Hot this week

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °