- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -
চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভবতা শাৰীৰিক প্ৰতিবন্ধকতাৰ মাজৰে উৰ্ত্তীণ ছাত্ৰ ৰোহিত বৰাৰ পঢ়াৰ খৰছ বহন কৰাৰ সিদ্ধান্ত আছুৰ

অসম খবৰ ডিজিটেল ডেস্ক ৯ আগষ্ট :
বিশ্বনাথ চাৰিআলিৰ দ গেৰেকীৰ ৰোহিত বৰা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনৰ এটা চকু একেবাৰে বিকল। তেওঁ মাত্ৰ বাওঁ চকুৰে অধ্যয়ন কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ পৰীক্ষাত বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ পৰা প্ৰায় ৮৪শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে । ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২বছৰৰ পূৰ্বে ২টা, বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ত বাণিজ্য শাখাত নাম ভৰ্ত্তি কৰে ।
সেই সময়তে এটা চকু সম্পূৰ্ণ ভাবে বেয়া হৈ যায়। চিকিৎসকৰ পৰামৰ্শ মতে চকু টো উলিয়াই এটা কৃত্ৰিম চকু লগাই দিয়া হয়। এফালে প্ৰচণ্ড দৰিদ্ৰতা, আনফালে এটা চকুৰ দৃষ্টি হীনতাই বাধাৰ সৃষ্টি কৰিলেও সেই বাধাক নেওচি পিছপৰা অঞ্চলটোৰ পৰা এটা ভাল ফলাফল আগ বঢ়োৱাত বহু জনে অভিনন্দন জনাই তেওঁক। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ছাত্ৰ জনৰ পিতৃ অৰুণ বৰাই পুত্ৰ ৰোহিতৰ সাফল্যৰ পাছত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাষ চাপে সহায়ৰ বাবে। আজি বিশ্বনাথ চাৰিআলি অঞ্চললিক ছাত্ৰ সন্থা সভাপতি সুৰজ ভূঞা, সম্পাদক লক্ষজ্যোতি শইকীয়াৰ নেতৃত্বত ছাত্ৰ সন্থাৰ এটা দল আহি ছাত্ৰ জনৰ কাষত থিয় দিয়ে। ছাত্ৰ সন্থাৰ দলটোৱে কৃতী ছাত্ৰ গৰাকীক অভিনন্দন জনোৱা লগতে পঢ়াৰ সম্পূৰ্ণ খৰছ বহন কৰাৰ কথা ঘোষণা কৰে। আছুৰ এই মহানুভব তাৰ শলাগ লৈছে ছাত্ৰ পিতৃ অৰুণ বৰা আৰু মাতৃ পদুমি বৰাই।
এই মূহুৰ্তত উপস্থিত থাকে বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, পুলক হাজৰিকা, আমিৰ খান, জগদা সিংকে ধৰি বহু কেইজন সাংবাদিক উপস্থিত থাকি ছাত্র জনক শুভেচ্ছা জ্ঞাপন কৰা লগতে আছুৱে লোৱা পদক্ষেপক শলাগ লৈছে সাংবাদিক সকলে ।
- Advertisement -