ডিজিটেল বিশ্বনাথ চাৰিআলি,১১ডিচেম্বৰ-
বিশ্বনাথ চাৰিআলিৰ জেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত আজি এখন ৰাজহুৱা সভা সন্থাৰ স্থায়ী সভাপতি ড° নিত্যানন্দ গগৈৰ সভাপতিত্বত নিজা কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হয়।সদৌ অসম জেষ্ঠ্য নাগৰিক সন্থাৰ নৱম দ্বী বাৰ্ষিক অধিবেশন বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাত।
সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বিজয় গোস্বামীয়ে। অনুষ্ঠানত বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা জিতেন ভাগৱতী,জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয় ববীয়া থানু ৰাম শৰ্মা,যোগেন শৰ্মা, অকণ হাজৰিকা, ভৰত চন্দ্ৰ তামুলী আদিয়ে অংশ গ্ৰহণ কৰে
সদৌ অসম জেষ্ঠ্য নাগৰিক সন্থাৰ নৱম দ্বী বাৰ্ষিক অধিবেশন খন অহা ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
বিশ্বনাথ জিলাৰ বহু সংখ্যক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাই ডঃ নিত্যানন্দ গগৈক সভাপতি, বিজয় গোস্বামীক সাধাৰণ সম্পাদক হিচাবে লৈ অধিবেশনৰ বাবে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ লগতে কেইবাখনো উপসমিতি গঠন কৰে।
Leave a Reply