Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা অসমৰ ভূমিত ঘৰ সজাৰ চেষ্টা অৰুণাচলীৰ

- Advertisement -

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা

অসমৰ ভূমিত ঘৰ সজাৰ চেষ্টা অৰুণাচলীৰ

- Advertisement -
- Advertisement -
- Advertisement -

বিহালী ১৬ চেপ্টেম্বৰঃ যিসয়মত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত অসম-অৰুণাচল সীমান্তৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ আঁচনি হাতত লৈছে সেইসময়তে পুৱ শোণিতপুৰ বন সংমণ্ডল অধীনৰ বিশ্বনাথৰ অসম- অৰুণাচল সীমান্তৱৰ্তী অসমৰ মাটি দখল কৰি বাসগৃহ সাজিৱলৈ অহাক লৈ সীমান্তত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় হোৱাৰ খবৰে জিলা খনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰমাতে আজি বিয়লি অসম-অৰুণাচল সীমান্ত এলেকা নমৰাৰ উত্তৰে অৱস্থিত ২ নং চূডেন চিৰিৰ এক বৃহৎ ভূমি এলেকাক একাংশ চুবুৰীয়া অৰুণাচলীলোক অঞ্চলটোত ঘৰ সজাৰ লক্ষ্যৰে উপস্থিত হৈ বন-জংঘল চাফা কৰিছিল৷ অৰুণাচলীলোকে বন জংঘল কাটি-কূটি ঘৰ সাজিৱলৈ প্ৰস্তুতি চলোৱা কাৰ্যত সীমান্তবাসীৰ চকুত পৰাত অৰুণাচলীৰ বেদখল বিৰূদ্ধে জাঙুৰ খাই উঠে৷ সুপিনে অসমৰ ভূমিত অৰুণাচলীয়ে বাধাহীনভাৱে ঘৰ সাজিৱলৈ চলোৱা কাৰ্যক সীমান্তবাসী অসমীয়াই বাধা আৰোপ কৰাত অৰুণাচলীলোক খৰ্গহস্ত হৈ পৰে৷ ফলত ক্ষণিকতে অৰুণাচলীলোকে ভৰি পৰে সীমান্ত এলেকা৷ সমান্তৰালভাৱে অসম-অৰুণাচলসীমান্তত অসমীয়াৰে অৰুণাচলীৰ সংঘাট উত্তেজনাপূৰ্ণ হোৱাৰ খবৰ বিশ্বনাথ প্ৰাশাসনে লাভ কৰাৰ লগে-লগে বিশ্বনাথ প্ৰশাসন তৎপৰ হৈ পৰে৷ সীমান্তবাসীৰ খবৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্ত বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থ্ত হয়৷ বিপৰীতে সীমান্তৰ ঘটনাস্থলীত অৰুণাচলৰ পাকেকিচাং জিলাৰ আৰক্ষী-প্ৰশাসনৰ যন্ত্ৰৰ উচ্চ পদস্তলোকো উপস্থিত হয়৷হাতলৈ অহা তথ্যমতে বিশ্বনাথ জিলা আৰু পাকেৰিচাং জিলা প্ৰশাসনৰ বিষয়াবৰ্গ,আৰক্ষী বিষয়াৰ উপস্থিতিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰিৱলৈ সক্ষম হয়৷

জানিব পৰামতে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক , পুৱ শোণিতপুৰৰ বন বিভাগ,পাভৈ বন বিভাগক,  বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া আৰু আবছুৰ আঞ্চলিক সমিতি লগতে স্থানীয় লোক  ঘটনাস্থলীত উপস্থিত হয়। ইফালে উক্ত স্থানত যাতে কোনো এজন ৰাজ্যৰ লোকে ভূমি দখলৰ চেষ্টা নকৰে তাৰ বাবে প্ৰশাসন লোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °