
ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেৰাটে প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ
গুজৰাট চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত গুজৰাট নেচনেল গেমচ্ৰ কেৰাটে প্ৰতিযোগিতাত বিশ্বনাথৰ ভাগ্যশ্ৰী ভূঞাই দুটাকৈ সোণৰ পদক লাভ কৰি বিশ্বনাথ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
যোৱা কালি (২৭ নবেম্বৰ )অনুষ্ঠিত কেৰাটেৰ ১৮ কেজি শাখাৰ কুমিটে -ফাইটআৰু কাটা ত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদকৰে উজ্জ্বলি উঠে কণমানি ভাগ্যশ্ৰী ।
বিশ্বনাথ চাৰিআলিৰ উইনাৰচ্ কেৰাটে ক্লাৱ ৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰা ভাগ্যশ্ৰী বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমাৰীৰ মুকুল ভূঞা আৰু সংগীতা (গুণা) ভূঞাৰ কনিষ্ঠা কন্যা ।
বুঢ়ীগাস্থিত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ভাগ্যশ্ৰীৰ সফলতাত অঞ্চলবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিছে ।
Leave a Reply Cancel reply