বিশিষ্ট সাংবাদিক , সমাজকৰ্মী বনমালী মেধীৰ মৃত্যু য়ে জোকাইছে সমগ্ৰ লক্ষীমপুৰ 

 

জেষ্ঠ সাংবাদিক , সমাজকৰ্মী, লেখক বনমালীৰ মেধীৰ আত্মহত্যা বাতৰিয়ে বৃহত্ব লালুক অঞ্চলকে ধৰি সমগ্ৰ লক্ষীমপুৰ জিলাৰ বৌধিক মহলৰ পৰা ধৰি সাধাৰন শ্ৰেণী লোকলৈকে গভীৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

জিলাখনৰ সকলোয়ে দাবী জনাইছে বনমালী মেধীৰ আত্মহত্যা তদন্ত অনতি পলমে চৰকাৰে আৰম্ভ কৰক ।
প্ৰকৃত তথ্য তদন্ত নকৰাকৈ এচাম হালধীয়া সাংবাদিকে ভুৱা বাতৰি প্ৰচাৰ কৰি মেধীক মানসিকভাৱে হাৰাশাষ্টি কৰাৰ অভিযোগ উঠিছে ।

সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত এই গৰাকীৰ কৃৰ্তি শিক্ষকক বিদ্যালয়ৰ পৰা নীতি বহিভূত ভাৱে এগৰাকীৰ ছাত্ৰীৰ ভূৱা অভিযোগত উচিত তদন্তৰ অবিহনেই বিদ্যালয়ৰ পৰা জেষ্ঠ শিক্ষক গৰাকীক এমাহৰ বাবে অপসাৰন কৰে । এই সমগ্ৰ বিষয়টো জিলাৰ শিক্ষা বিভাগক অন্ধকাৰত ৰাখি এক পক্ষীয় ভাৱে কৰা হৈছিল ।

যাৰ বাবে এই জন বিশিষ্ট ব্যক্তি বনমালী মেধীয়ে মানসিক ভাৱে ভাগি পৰে ।

লক্ষীমপুৰ জিলাৰ নিজ লালুকৰ নিবাসী লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাক্ত অধ্যক্ষা কুঞ্জ দত্তৰ স্বামী প্ৰয়াত বনমালী মেধী কেইবাখনো আগশাৰী অসমীয়া ইংৰাজীৰ দৈনিক কাকতৰ সাংবাদিকতাৰ লগত জড়িত আছিল ।

ইয়াৰোপৰি জিলাখনৰ বহুটো সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ।

এটি ১৭ বছৰীয়া কণ্যা সন্তানৰ পিতৃ বনমালী মেধীৰ মৃত্যু য়ে গভীৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ লক্ষীমপুৰ জিলাত ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.