Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বিশিষ্ট কণ্ঠশিল্পী ড° অনিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা ২০২৫

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশিষ্ট কণ্ঠশিল্পী ড° অনিমা চৌধুৰীলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মহানগৰীৰ আমবাৰীস্থিত লক্ষ্মীৰাম বৰুৱা সদনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মঙ্গলবাৰে বিয়লি এই বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়।

প্ৰয়াত লিলি দেৱীৰ পুত্ৰ তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক, সুবক্তা ড° দীপকজ্যোতি বৰুৱাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী লেখক লোকনাথ গোস্বামী, বিশিষ্ট সাহিত্য সমালোচক জ্যোতি খাটনীয়াৰ, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল বৰা, লিলি দেৱীৰ পুত্ৰ তপন বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

এই বঁটা লাভে আগন্তুক সময়ত অধিক দায়বদ্ধ কৰি তুলিব বুলি মন্তব্য কৰে সমাজহিতৈষী গীতেৰে সংগীত জগত সমৃদ্ধ কৰি অহা শিল্পী ড° অনিমা চৌধুৰীয়ে।
উল্লেখ্য যে লিলি দেৱী বঁটা ইয়াৰ পূৰ্বে সেইসকল ব্যক্তিক আগবঢ়োৱা হৈছে, যিসকলৰ সমাজলৈ অৱদান আছে, কিন্তু যথাযোগ্য স্বীকৃতি পোৱা নাই। এই কথাটোৱে লিলি দেৱী সাহিত্য সংস্কৃতি বঁটাৰ গাম্ভীৰ্যতা দাঙি ধৰিছে।

বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে এটি ভক্তিমূলক গীত পৰিৱেশন কৰি উপস্থিতসকলক মুগ্ধ কৰে কণ্ঠশিল্পী শৰ্মিষ্ঠা দত্তই। লগতে অনুষ্ঠানৰ মাজভাগত প্ৰয়াত লিলি দেৱীৰ আজোনাতি কনমানি অনয়াৰ কণ্ঠৰ ভক্তিমূলক গীতটোৱেও সকলোকে আপ্লুত কৰে।

অনুষ্ঠানত বিশিষ্ট লেখক সমালোচক জ্যোতি খাটনীয়াৰে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে সজাগ কৰিবলৈ প্ৰয়াস কৰে। আনহাতে ডেম’ক্ৰেচী লাইভৰে বাৰ্তালাপত খাটনীয়াৰে মাতৃ লিলি দেৱীৰ প্ৰতি তেওঁৰ সন্তানসকলে দেখুওৱা ভক্তি সকলোৰে বাবে আদৰ্শৰ কাৰণ বুলি অভিহিত কৰে। ড° অনিমা চৌধুৰীৰ দৰে এগৰাকী সুযোগ্য শিল্পীক বঁটাটি প্ৰদান কৰাত যথেষ্ট সন্তোষ প্ৰকাশ কৰে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে।

ইয়াৰ পূৰ্বে এই বঁটা লোকশিল্পী লোকেশ্বৰ গগৈ, পুৰণি গীতৰ সংৰক্ষক উমানন্দ দুৱৰা আৰু ভাষা চৰ্চাৰ ক্ষেত্ৰত অৰিহণা যোগাই অহা ড° নগেন ঠাকুৰলৈ আগবঢ়োৱা হৈছিল। উল্লেখ্য যে জন্মসূত্ৰে ডিব্ৰুগড়ৰ জীয়ৰী লিলি দেৱী আছিল আদৰ্শ ব্যক্তিত্বৰ পৰোপকাৰী, সমাজ প্ৰিয় তথা অধ্যয়নশীল এগৰাকী নাৰী। বাহিৰা কিতাপ আলোচনী পঢ়াৰ প্ৰতি তেওঁৰ আছিল গভীৰ অনুৰাগ। সংগীতৰ প্ৰতি শ্ৰোতা হিচাপেও আছিল যথেষ্ট আগ্ৰহ। আনহাতে সৰুৰে পৰা সন্তানসকলক শব্দৰ সঠিক উচ্চাৰণৰ বাবে শিক্ষা দিছিল। বহুতৰ মাজত পৰিলক্ষিত পৰচৰ্চাৰ পৰা তেওঁ আছিল বহু যোজন দূৰৈত। পৰিয়ালৰ সকলোকে সুন্দৰ ব্যৱহাৰৰ অধিকাৰী হ’বলৈ নীতি শিক্ষা দিছিল।

নিজে কিতাপ অধ্যয়ন কৰি, সেই কিতাপৰ বিষয়ে আন দহজনক অৱগত কৰাইছিল। প্ৰতিগৰাকী সন্তানক সফল মানুহ হিচাপে গঢ়ি তোলাত মাতৃ লিলি দেৱীৰ আছিল কষ্টসাধ্য অৱদান।এনেধৰণৰ ব্যক্তিত্বৰ বাবে তেওঁ সমাজৰ সকলোৰে প্ৰিয়ভাজন হ’বলৈ সক্ষম হৈছিল। এটি সুন্দৰ পৰিয়াল গঢ়ি সুস্হ সমাজ গঠনত এগৰাকী মাতৃৰ ভূমিকাৰ কথাক আদৰ্শ মাতৃ লিলি দেৱীৰ নামত প্ৰৱৰ্ত্তন কৰা বঁটাটোৱে যেন আকৌ এবাৰ দাঙি ধৰিলে।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °