বিধায়ক ৰঞ্জিত দত্তই চলালে টেম্পু :

TEMPO run by MLA Ranjit Dutta ::

বিধায়ক ৰঞ্জিত দত্তই চলালে টেম্পু ::

বুধবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিহালী আৰু বাঘমৰা খণ্ড পৰিচালনা শাখাৰ উদ্যোগত অনুষ্ঠিত হয় “ঋণ মেলা ।

বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭টা আত্মসহায়ক গোটৰ মাজত ৪১লাখ টকা আৰু বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১২টা আত্মসহায়ক গোটৰ মাজত মুঠ ১৬.৫০লাখ টকাৰ ঋণৰ অনুমোদন পত্ৰ বিতৰণ কৰে বিধায়ক ৰঞ্জিত দত্তই।

লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান “Assam Grameen Express(AGE)”ৰ অধীনত বাঘমৰা সমন্বয় মণ্ডল পৰ্য্যায় সংগঠনক এখন টেম্পু প্ৰদান কৰে ।

জিনজিয়াস্থিত আই,বি,ত অনুষ্ঠানটিত “ঋণ মেলা”ত বিধায়ক ৰঞ্জিত দত্ত লগতে উপস্থিত থাকে হিৰণদ্বীপ শইকীয়া(বিপিএম,বিহালী),
ৱাকিম সাচদা(বিপিএম,বাঘমৰা),ইণ্ডিয়ান বেংকৰ পৰিচালক,জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাস,জিনজিয়া পঞ্চায়তৰ সভাপতি দুৰ্গা ছেত্ৰী,বিহালী আৰু বাঘমৰা খণ্ড পৰিচালনা শাখাৰ বিষয়ববীয়া ক্ৰমে শ্যামন্ত দুৱৰা,ভাৰ্গৱ বৰুৱা,চুসেন কামান,দেৱ টাইড,দুয়োটা খণ্ডৰে সমন্বয়ক,জীৱিকা সখী প্ৰমুখ্যে দুয়াটা উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোটৰ সদস্যাসকল৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.