বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰীৰ উদ্দোগত বিদায় সম্বৰ্ধনা জ্ঞাপন অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী ফৰিদুৰ ৰহমানক
১৯৮৪ চনৰ পৰা সেৱা আগবঢ়াই থকা ফৰিদুৰ ৰহমানে ৩১/১২/২০২১ চনতে অৱসৰ হৈছিল যদিও আজি তেখেতক বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰীৰ উদ্দোগত বিদায় সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।
লেৱৰ্টৰী টেকনিচিয়ান কুমুদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী তথা নলবাৰী জিলাৰ বড়িগাঁৱৰ নিবাসী ফৰিদুৰ ৰহমানক
ফুলাম গামোচা,শৰাই আৰু মানপত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ডাক্তৰ অৰ্পণা দাসৰ উপস্থিতিত স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰী সকলে।
বিগত কভিড মহামাৰীৰ দিনতো অহৰহ সেৱা আগবঢ়াই, নিজৰ জীৱনকো অওকাণ কৰি সুন্দৰ ভাৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা স্বাস্থ্য কৰ্মী জনৰ বিদায়ী সময়ত সকলোৰে চকুৰে অশ্ৰু নিগৰে।
নিয়মিত ভাৱে স্বাস্থ্য কেন্দ্ৰটোত সময়মতে আহি আহি নিজৰ কৰ্তব্যৰে নিজৰ কাম সমুহ দায়িত্বসহকাৰে পালন কৰি অহা স্বাস্থ্য কৰ্মী ফৰিদুৰ ৰহমানৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰে অঞ্চলটোৰ ৰাইজৰ লগতে বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমুহ কৰ্মচাৰী সকলে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply