Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বহুজন সুখাায় বহুজন হিতায়চ” বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে  শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত  ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ প্ৰস্তুতি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

“বহুজন সুখাায় বহুজন হিতায়চ” বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে শ্ৰীশ্ৰী অশ্বক্লান্ত দেৱালয়ত
৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ প্ৰস্তুতি আৰম্ভ হৈছে।
বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত প্ৰাঙ্গণত আজি দিনৰ ১২ বজাত দলৈ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ভাগ সফলতাৰে সম্পন্ন কৰিবলৈ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাৰ সিদ্ধান্ত মৰ্মে তিনিদিনীয়াকৈ  আয়োজিত  মহাবিষ্ণু যজ্ঞ ইংৰাজীৰ ৭,৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত কৰাৰ লগতে মহাবিষ্ণু যজ্ঞ উদযাপন সমিতি গঠন কৰা হয়। মুখ্য পৃষ্ঠপোষক ড০ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, অসম, ৰিণিকি ভূঞা শৰ্মা, সভাপতি কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কাৰ্যকাৰী সভাপতি হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া, উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, ড০ বিষ্ণুৰাম নূনিচা, প্ৰাণজিৎ ডেকা, সম্পাদক দলৈ লক্ষেশ্বৰ শৰ্মা আৰু যুটীয়া সম্পাদক অখিল ভট্টাচাৰ্য, সহ যুটীয়া সম্পাদক দ্বয় অশোক শৰ্মা, ভাস্কৰ হাজৰিকা। প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, যজ্ঞমণ্ডপ দিলীপ শৰ্মাক দায়িত্ব অৰ্পন কৰি খাদ্য, অভ্যৰ্থনা, চিকিৎসা, যাতায়ত, সাংস্কৃতিক উপ সমিতিৰ জৰিয়তে শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ৭ মাৰ্চৰ পূৱা ১০ বজাত
ধৰ্ম ধ্বজা উত্তোলনৰে কাৰ্যকৰী সভাপতি হেমন্ত চৌধুৰী মহাবিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতেই বিশাল ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰিব জিলা আয়ুক্ত তথা সভাপতি দেৱ কুমাৰ মিশ্ৰই। আয়তীৰ নাম কীৰ্তন, শঙ্খ, ঘন্টা ধ্বনিত তিনিও দিনে দেৱালয় এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰা লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্তৰ উপস্থিতিত অনুষ্ঠিত কৰা হ’ব ধৰ্মালোচনী সভা। বৃক্ষ ৰোপণ কাৰ্যসূচী অনুসৰি অশ্বক্লান্ত দেৱালয়ত সমীন, অশোক , ৰুদ্ৰাক্ষ, চন্দন আৰু বটগছৰ পুলি ৰোপন কৰা হ’ব। প্ৰতিদিনেই ভক্তসকলক ভোগ বিতৰণ কৰা হ’ব।

মহাযজ্ঞত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তৰ লগতে ভক্তসকলে অংশগ্ৰহণ কৰিব। মুঠ ৫১,৫০০ হাজাৰ আহুতিৰ অন্তত ৯ মাৰ্চত পূৰ্ণাহুতিৰে চতুৰ্থ বাৰৰ বাবে আয়োজিত মহাযজ্ঞ সম্পন্ন হ’ব।

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °