31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ

    পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক, ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ

    বিশ্বনাথ চাৰিআলি, ০৬ আগষ্ট:- সমগ্ৰ জিলাখনত পথ সুৰক্ষা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ বাবে যাত্ৰা মসৃণ কৰাৰ উদ্দেশ্যৰে আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভা কক্ষত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক। বৈঠকত অধ্যক্ষতা কৰি বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰে পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ফ’ৰলেনৰ কাম ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (এনএইচআইডিচিএল)ৰ প্ৰতি কেইবাটাও নিৰ্দেশনা জাৰি কৰে। এনএইচআইডিচিএলৰ প্ৰতিনিধিসকলক অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত জামুগুৰি-বিশ্বনাথ চাৰিআলি পথছোৱাত ফ’ৰলেন নিৰ্মাণৰ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে কয় যে যদিও এই পথছোৱাৰ কাম কম বেছি পৰিমাণে সম্পূৰ্ণ হৈছে, তথাপি কাম বাকী থকা অংশত যাত্ৰীসকলৰ বাবে ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে, অহা দুমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ এনএইচআইডিচিএলে “অগ্ৰাধিকাৰ” ভিত্তিত কাম কৰিব লাগিব। বিষয়াগৰাকীয়ে এনএইচআইডিচিএলক পথ সুৰক্ষা বৃদ্ধিৰ বাবে কাম সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ পথছোৱাত সঠিক পথ নিৰ্দেশনা দিবলৈয়ো কয়।

    বিশ্বনাথ চাৰিআলি-গহপুৰ পথছোৱাৰ সন্দৰ্ভত তালুকদাৰে কামৰ লেহেম গতিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। তেখেতে এনএইচআইডিচিএলক ঠিকাদাৰ সম্পৰ্কীয় সকলো সমস্যা অতি সোনকালে সমাধান কৰিবলৈ কয় যাতে কামৰ গতি ত্বৰান্বিত কৰিব পৰা যায়। তদুপৰি,জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰ শৰ্মাক জিলাখনত দুৰ্ঘটনা অনুসন্ধানকাৰী দল (চিআইটি) গঠনৰ সন্দৰ্ভত সকলো আনুষ্ঠানিকতা ১০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহক জিলাখনত মাৰাত্মক দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হ’ব যাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পুনৰাই দুৰ্ঘটনা হোৱাটো প্ৰতিহত কৰিব পৰা যায়।

    তালুকদাৰে বৈঠকত বিশ্বনাথ চাৰিআলি চহৰৰ সকলো পথ নিৰ্মাণ আৰু উন্নয়ন সম্পৰ্কীয় কামৰ অগ্ৰগতিৰ বুজ লয় আৰু লোক নিৰ্মাণ বিভাগক অহা ১৫ দিনৰ ভিতৰত সকলো পেভাৰ ব্লক স্থাপনৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰী কৰে।বৈঠকৰ আৰম্ভণিতে, জিলা পৰিবহণ বিষয়াশৰ্মাই পূৰ্বৱৰ্তী জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় প্ৰতিবেদন সভাত ডাঙি ধৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.