31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ফটাশিল আমবাৰীৰ পাহাৰত মৃত অৱস্থাত নাহৰফুটুকী বাঘ উদ্ধাৰ

    গুৱাহাটীঃ গুৱাহাটীৰ মহানগৰীৰ ফটাশিল আমবাৰীৰ আদিংগিৰী সংযোগী পথৰ চেগুণবৰী পাহাৰত দৈমুগুৰী প্ৰাথমিক বিদ্যালয়ৰ সমীপত আজি পুৱা মৃত অৱস্থাত এটা নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হয়। অৱশ্যে নাহৰফুটুকী বাঘটোৰ কি কাৰণত মৃত্যু হল তাক নিশ্চিত কৰিব পৰা হোৱা নাই।

    একাংশই আন বাঘৰ সৈতে কাজিয়া কৰি পাহাৰৰ ওপৰৰ তললৈ পৰি কালি বা তাৰ আগদিনা নিশাৰ ভাগত নাহৰফুটুকীটোৰ মৃত্যু হব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে। জানিব পৰা মতে আজি পুৱা প্ৰায় ৭.৪৫ মান বজাত কোনো সচেতন লোকে মৃত অৱস্থাত নাহৰফুটুকীটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰীক খবৰ দিয়ে। খবৰ পোৱাৰ পাছতে বন বিষয়া অশোক কুমাৰ দেৱচৌধুৰীয়ে ততালিকে গুৱাহাটীৰ আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীক ফোন কৰি মৃত বাঘটোক উদ্ধাৰ কৰি আনিবলৈ নিৰ্দেশ দিয়ে।

    সেই নিৰ্দেশৰ পাছতে আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীয়ে ফটাশিল খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া ত্ৰিনয়ন দেৱ উপমান্যসহ এটা বনকৰ্মীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকী বাঘটোক ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। তাৰ পাছত বিভাগীয় নীতি-নিয়মৰ মাজেৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে। খণ্ড বন বিষয়া উপমান্যই জানিবলৈ দিয়া মতে মৃত নাহৰফুটুকীটো মতা আৰু প্ৰাপ্তবয়স্ক যদিও মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতহে জানিব পৰা যাব নাহৰফুটুকী বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.