শেহতীয়া আপডেটঃ

পৰ্বতঝোৰা মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

♦ অসম চৰকাৰে সমাজৰ ব্যাধিস্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শূন্যসহশীলতা নীতি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ছোৱাত পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়েও নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্যখন উৎখাতৰ বাবে অভিযান অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতো পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ শালমাৰা বজাৰৰ পৰাই অব্যাহত আছিল নিষিদ্ধ ড্ৰাগছৰ চোৰাং ব্যৱসায়।

বৰ্তমান সময়ত বিভিন্ন ঠাইত কিশোৰৰ লগতে মহিলাকো ড্ৰাগছ সৰবৰাহৰ কামত নিয়োগ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়ে পৰ্বতঝোৰা বৃহত্তৰ এলাকাৰ অঞ্চলত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যোৱা সময়ছোৱাত বহুকেইটা ড্ৰাগছ ব্যৱসায়ীক পৰ্বতঝোৰা মহকুমাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। বুধবাৰে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত শালবাৰী বজাৰত অভিযান চলায়। অভিযানত শান্তিনগৰ কুদ্দুছ আলী (২১)আৰু কাঠালবাৰী ছাদ্দাম হোছেইন (৩২) নামৰ চোৰাং ড্ৰাগছৰ ব্যৱসায়ীটোক জালত পেলোৱাৰ লক্ষ্যৰে আৰক্ষীয়ে অভিযান চলাইছিল। যদিও আৰক্ষী উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ী পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয়।

উল্লেখ্যযোগ্য যে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হৈছে পৰ্বতঝোৰাৰ বৃহত্তৰ বগৰিবাৰী এলাকাবাসী। যোৱা কিছুদিন পূৰ্বে বগৰিবাৰী বৃহত্তৰ এলাকাৰ ৰাইজে কে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে এই ড্ৰাগছ বিৰোধী সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়। বগৰিবাৰী বৃহত্তৰ অঞ্চল এলাকাৰ দুই শতাধিক লোকে উক্ত পদযাত্ৰাত অংশ লৈ সমাজলৈ এক বাৰ্তা দিবলৈ চেষ্টা কৰে। বগৰিবাৰী বৃহত্তৰ এলাকাৰ এনে পদক্ষেপক একাংশ লোকে আদৰণি জনোৱাৰ লগতে পৰ্বতঝোৰা মহকুমাৰ আৰক্ষী বিষয়া প্ৰতীম দুৱাৰা লগতে বগৰিবাৰী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস আৰু ৰমেশ ৰায়ৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলিও সকলোৱে আশা কৰিছে।

বৃহত্তৰ এলাকাৰ অঞ্চলৰ ৰাইজে মাৰ বান্ধি দিয়া ওলাই অহাৰ পাছতো যোৱা বুধবাৰ দিনা হাতে-লোটে ড্ৰাগছসহ ধৰা পেলায় শান্তিনগৰ কুদ্দুছ আলী আৰু কাঠালবাৰী ছাদ্দাম হোছেইন নামৰ দুয়ো সৰবৰাহকাৰীক। ধৃত যুৱক দুয়োজনৰ পৰা ৪ গ্ৰাম নিষিদ্ধ ড্ৰাগচসহ ১০৯ টা খালি কাৰ্টিজ উদ্ধাৰ কৰি যুৱক দুজনক বগৰিবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছ সৰবাৰাহৰ দৰে কাৰ্যত পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী বৃহত্তৰ অঞ্চলৰ এলাকাৰ ৰাইজ আৰু আৰক্ষীৰ সন্মিলত ড্ৰাগছ বিৰোধী অভিযানে বগৰিবাৰীৰ বৃহত্তৰ এলাকাৰ অঞ্চলৰ ৰাইজৰ বাবে আশা বাৰ্তা কঢ়িয়াই আনিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.