Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

পোন প্ৰথম বাৰলৈ বিহালীত কেন্দ্ৰীয় ভাৱে সম জিলা উদ্যোগ গণৰাজ্য দিৱস উদযাপন

- Advertisement -
  • পোন প্ৰথম বাৰলৈ বিহালীত সম জিলা উদ্যোগত গণৰাজ্য দিৱস উদযাপন
- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ বিহালী ২৫ জানুৱাৰীঃ ২৬ জানুৱাৰী দিনটোত পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন হয়৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ দিনটোত দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশ তথা বিশ্ববাসীক সম্বোধন কৰাৰ ৰাজ্য সমুহতো উলহ-মালহৰে পালন কৰা হয় গণৰাজ্য দিৱস গুৰুত্বপূৰ্ণ যে, দেশ বৃট্ৰিছ শাসক গোষ্ঠীৰ ঔপনিৱেশিক শাসন ,শোষণ আৰু পৰাধীনতাৰ লো শিকলি উফৰাই ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ গনতান্ত্ৰিক দেশ হিচাপে স্বঘোষণা কৰা ভাৰতীয় সংবিধান গ্ৰহণৰ দিনটো সুঁৱৰি প্ৰতি বছৰে গণৰাজ্য দিৱস পালন কৰি অহাৰ দৰে এই বেলিও দেশত পালন কৰা হ’ব গণৰাজ্য দিৱস৷ সমান্তৰালভাৱে পোন প্ৰথম বাৰলৈ বিহালী বিধান সভা সমষ্টিত বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে বৰগাঙস্থিত বিহালী স্নাতক মহাবিদ্যালয়ৰ খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস চৰকাৰী ভাৱে অনুষ্ঠিত হ’ব৷

জানিব পৰামতে ইতিমধ্যে বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস,সহআয়ুক্ত বিচিত্ৰা দাসকে ধৰি প্ৰশাসনিক বিষয়া-কৰ্মচাৰীয়ে সূচাৰু ৰূপে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ গণৰাজ্য দিৱসটো উদযাপনৰ প্ৰতিটো দিশ নিখুঁটভাৱে পৰ্যালোচনা কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ জানিব পৰামতে, গণৰাজ্য দিৱস উপলক্ষ্যে বিহালী সমজিলাৰ কাৰ্যালয়ত পুৱা ৭•৩০ বজাত পতাকা উত্তোলন কৰিব বিহালী সমজিলা আয়ুক্ত দীপ্তীৰেখা হাজৰিকা, বিহালী ৰেচম বিভাগৰ অতিথিশালাত বিহালী সমজিলাৰ সহআয়ুক্ত বিচিত্ৰা দাস৷আনহাতে পুৱা ৯ বজাত বিহালী স্নাতক মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিতৱ্য গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷ ইফালে গণৰাজ্য দিৱস লগত সংগতি ৰাখি বৰগাং বন বিভাগে ৰাইজক একোটাকৈ গছ পুলি বিতৰণ কৰে।

ইফালে কেন্দ্ৰীয় ভাৱে আয়োজন কৰা গণৰাজ্য দিৱস কাৰ্যসূচীত উপস্থিত থাকে শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া লগতে সমাজ সেৱকে ধৰি সমষ্টিতো শতাধিক লোক । ইফালে গছ পুলি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে  বৰগাং বনাঞ্চলিক বিষয়াকে ধৰি বন কৰ্মী সকল।

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °