Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

প্ৰতিষ্ঠিত মীনপালক শুক্লেশ্বৰ ব্ৰহ্মৰ মৃত্যুত ঘগ্ৰাপাৰৰ- খাতিকুছি-সাগৰকুছিত শোক

- Advertisement -

♦নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছি গাঁও নিবাসী তথা ৰাজ্যৰ এজন প্ৰতিষ্ঠিত মীন ব‍্যৱসায়ী শুক্লেশ্বৰ ব্ৰহ্মৰ (৬৪)ৰ আজি পুৱা গুৱাহাটীৰ এখন ব‍্যাক্তিগত চিকিৎসালয়ত মৃত্যু হয়। ব্ৰহ্মৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ ব‍্যক্তিয়ে আজি তেওঁ গৃহত আহি ভিৰ কৰে।

জানিব পৰা ব্ৰহ্মৰ মে’ মাহৰ শেষভাগত দেহত জ্বৰ-কাঁহ হোৱাত চিকিৎসাকৰ পৰামৰ্শ মতে ক’ভিড পৰীক্ষা কৰি ক’ৰোনা আক্ৰান্ত হয় যদিও জুলাই মাহৰ ৮ তাৰিখে পুনৰ ক’ৰোনা পৰীক্ষা কৰাত তেওঁ কোভিডৰ পৰা মুক্ত হয়। ক’ৰোনাৰ পৰা মুক্ত হৈ থাকিও হঠাৎ পুনৰ কালি স্বাস্থ্যৰ অৱনটি ঘটি ব্ৰহ্মৰ মৃত্যু হয়। মীনপালকৰ সমান্তৰালভাৱে এসময়ত গাহৰিৰ ব‍্যৱসায়ী কৰি বছৰ লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে আন দহগৰাকীক সংস্থাপন দিছিল।

তেওঁ মীনপালন উদ্ভাৱনীমূলক চিন্তাৰ উন্মেষ ঘটাই ন ন কৌশল আহৰণ কৰি বিভিন্ন প্ৰজাতিৰ মাছ উৎপাদন কৰি অসমৰ বিভিন্নখন বজাৰত বিক্ৰী কৰি বছৰি ১০/১২ টকা উপাৰ্জন কৰি আহিছিল। আনকি তেওঁ বছৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠানত সমল ব্যক্তি হিচাপে সুবিধা লাভ কৰি আহিছিল। তেওঁ জীৱিত অৱস্থাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

তেওঁৰ মৃত্যুত নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, মদন কলিতা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাব, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃংগাক তালুকদাৰ, বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, নলবাৰী জিলা এচ. টি.মৰ্চা সভাপতি হিতেশ ব্ৰহ্ম, খাতিকুছি অগপ সমিতি, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ, খাতিকুছি-সাগৰকুছি দুৰ্গা মন্দিৰ সমিতি, পশ্চিম বনভাগ আঞ্চলিক সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মৃত্যুৰ সময়ত পত্নী বিকন বৰোকে ধৰি একমাত্ৰ পুত্ৰ সন্তান আৰু দুইগৰাকী বিবাহিত জীয়ৰীৰ লগতে অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
33 ° C
33 °
33 °
61 %
1.2kmh
5 %
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °