পিষ্টলেৰে প্ৰহাৰ কৰি কাঢ়ি নিলে ধন :

 

অসম খবৰ ডিজিটেল ডেস্কঃ

১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতী কাণ্ড।

গাড়ী চালকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে পিষ্টলেৰে প্ৰহাৰ কৰি ডকাইতৰ দলে লুটি নিলে ধন।
জানিব পৰা মতে শুকুৰবাৰে নিশা প্ৰায় ১১:৩০ বজাত বালিপৰা ১৮ মাইলৰ পৰা শাক পাছলী লৈ শুকুৰ আলি নামৰ লোকজনে আন এজন সহযোগীৰ লগত ডিব্ৰুগড় অভিমূখে গৈ থকা অবস্থাত হঠাৎ গাড়ীখন বিশ্বনাথৰ সাধাৰুত যান্ত্ৰিক বিজুতী ঘটি ৰৈ যাব লগিয়া হয়।

সেই সময়তে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি দিশে আহি থকা বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ গাড়ীত পাঁচজন অস্ত্ৰধাৰী যুৱক আহি আক্ৰমণ কৰে গাড়ী চালক শুকুৰ আলি নামৰ শাক পাছলি বেপাৰী জনক।

হাতত পিষ্টল লৈ অহা দুৰ্বৃত্তৰ দলটোৱে গাড়ী চালক আৰু সহযোগীক চিঞৰ বাখৰ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে আৰু গাড়ী চালক শুকুৰ আলিৰ পকেটত থকা ১৭,৫০০ টকা কাঢ়ি লৈ সেই স্থানৰ পৰা পলায়ন কৰে।আনহাতে গাড়ীৰ চালক শুলুৰ আলিয়ে অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোৱে লৈ অনা ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ নম্বৰ হল এ এছ ১২ ৱাই ৮৮৮৩।
আনহাতে ভুক্তভোগীৰ ডি আই গাড়ীখনৰ নম্বৰ হ’ল এ এছ ১২ বি চি ৫১০৮।ইতিমধ্যে ভুক্তভোগী শুকুৰ আলিয়ে বিশ্বনাথ সদৰ আৰক্ষী থানাত এই ডকাইতি ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.