Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

পাণ্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জালুকবাৰীঃ পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আই কিউ এ চি, এন এছ এছ তথা পাণ্ডু মহাবিদ্যালয়ৰ আই আই চি আৰু নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও-ইনফৰমেটিক্সৰ দ্বাৰা আয়োজিত ৰিম’ট চেঞ্চিং আৰু জি আই এছ প্রয়োগ কৰি গুৱাহাটীৰ নগৰীয়া বানপানীৰ ওপৰত ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কৰ্মশালাৰ আজি সন্ধিয়া সামৰণি পৰে।

কৰ্মশালাত মুঠ ১৬ খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। তেনেদৰে সপ্তাহযোৰা কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন জ্ঞান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰিও ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ জলবায়ু আৰু জ্যোতির্বিজ্ঞান বিশেষজ্ঞ , কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও-ইনফৰমেটিক্সৰ বিজ্ঞানী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ শিক্ষাবিদসকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

কৰ্মশালাত বিষয়টোৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ সামৰি লোৱা হয়। শনিবাৰে কৰ্মশালাৰ অন্তিম দিনটোত দীপৰ বিল আৰু পলাশবাৰীৰ কালমণি নদীলৈ এক ক্ষেত্ৰ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। যাতে নগৰীয়া জলাশয় আৰু নিষ্কাশন ব্যৱস্থাৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিব পাৰি। উল্লেখ্য যে ১৮ নৱেম্বৰত পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্চয় জ্যোতি বৰাই সপ্তাহযোৰা কৰ্মশালাখন উদ্বোধন কৰিছিল।

উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ডঃ প্রদীপ কুমাৰ ভট্টাচার্য , নিদিষ্ট বক্তা হিচাপে হাৰিয়ানাৰ ৰোহটকৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিওইনফর্মেটিক্স আৰু নতুন দিল্লীৰ নেট্ৰাৰ একাডেমিকৰ ডিন ডঃ ৰবীন্দ্ৰ নাথ তিৱাৰী উপস্থিত আছিল। কৰ্মশালাত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধানৰ বাবে ৰিম’ট চেঞ্চিং আৰু জি আই এছ পদ্ধতি ব্যৱহাৰ কৰি মুঠ ১৫ টা পৰামৰ্শ আগবঢ়োৱা হৈছে। কৰ্মশালাৰ আহ্বায়ক ডঃ নিৰঞ্জন ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে আয়োজক সকলে চৰকাৰ আৰু অন্যান্য উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ পৰামৰ্শ সমূহ দাখিল কৰিব।

- Advertisement -

Hot this week

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °