31.3 C
Guwahati
Wednesday, December 10, 2025
More

    শেহতীয়া আপডেটঃ

    পাণ্ডুৰ বিশিষ্ট সমাজকৰ্মী নাৰায়ণ কলিতাৰ মৃত্যু ; মুখ্যমন্ত্ৰীসহ বাবে বিভিন্ন দল – সংগঠনৰ শোক

    মালিগাঁও● গুৱাহাটীৰ পাণ্ডুৰ বিশিষ্ট সমাজকৰ্মী, ছয়বছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ অগ্ৰণী যোদ্ধা, পাণ্ডু ইনষ্টিটিউট কলনীৰ বাসিন্দা, বিশিষ্ট সমাজকৰ্মী , সৰবৰহী ব্যক্তি, ব্যৱসায়ী নাৰায়ণ কলিতাৰ চিকিৎসাধীন অৱস্থাত আজি পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পাণ্ডু লুইতপৰীয়া বিহু সমিতিৰ উপদেষ্টা , পাণ্ডু ৰে’লৱে বজাৰ সমিতিৰ সভাপতি, পাণ্ডুঘাট‌ প্ৰতিমা বিসৰ্জন সমিতিৰ উপদেষ্টা, পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, ৰিভাৰচাইদ ষ্পৰ্টিং সংঘৰ উপদেষ্টাৰ উপৰিও বৃহত্তৰ পাণ্ডু সাহিত্য সভা, অগপ দলৰ গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্যনিৰ্বাহক, পাণ্ডু ইনষ্টিটিউট কলনী দুৰ্গা পূজা সমিতিৰ সভাপতিকে ধৰি বৃহত্তৰ পাণ্ডু অঞ্চলৰ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী , এজন পুত্ৰ, এজনী জীয়ৰী, বোৱাৰী, জোৱাঁই, নাতি – নাতিনীসহ বহুসংখ্যক আত্মীয় – স্বজন এৰি থৈ যায়। আনহাতে নাৰায়ণ কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ পাণ্ডু অঞ্চলত শোকৰ ছাঁ পৰে আৰু অসংখ্য গুণমুগ্ধ লোকে বাসভৱনত আহি নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰে। তাৰ পাছত তেঁওৰ মৃতদেহ এখন পুষ্পসজ্জিত বাহনত সমদল কৰি প্ৰথমতে পাণ্ডু ৰিভাৰচাইড স্পৰ্টিং ক্লাৱ , ইনষ্টিটিউট কলনী দুৰ্গা মন্দিৰ, নামঘৰ আদিলৈ নি শেষ শ্ৰদ্ধা তৰ্পণ কৰা হয়।

    বিয়লি অসংখ্য গুণমুগ্ধ লোকৰ উপস্থিতিত ভূতনাথ মুক্তিধামত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে নাৰায়ণ কলিতাৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক ব্যক্ত কৰি তেঁওৰ মৃত্যু বৃহত্তৰ পাণ্ডুৰ সমাজ জীৱনত এক অপুৰণীয় ক্ষতি বুলি ব্যক্ত কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। একেদৰে অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক , বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, বিজেপিৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি কমল দে, পাণ্ডুঘাট বিসৰ্জন কমিটিৰ সভাপতি নিমাই চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰ, বৃহত্তৰ পাণ্ডু সাহিত্য সভাৰ উপদেষ্টা মুকুট দাস, সভাপতি সুভাষ দাস আৰু সম্পাদক চন্দন মৰলকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে নাৰায়ণ কলিতাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ্য যে ১৯৮৫ চনত অগপ দল গঠন হোৱাৰ সময়ৰে পৰা নাৰায়ণ কলিতাৰ লগতে তেঁওৰ প্ৰয়াত পিতৃ বন্ধুৰাম কলিতাও অগপ দলৰ লগত মৃত্যু পৰ্যন্ত জড়িত হৈ আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds