পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ শিমুল টাপু আঞ্চলিক সমিতি গঠন

■ পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ অন্তৰ্গত নৱ গঠিত শিমুল টাপু আঞ্চলিক আমছুৰ ৫৩ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।

নৱ গঠিত আঞ্চলিক আমছুৰ সভাপতি আক্ৰৰম মণ্ডল আৰু সম্পাদক হিচাপে জাহাঙ্গীৰ আলম, হেদাইতুৰ ৰহমানক দায়িত্ব অৰ্পণ কৰা হয়।

দায়িত্বভাৰ গ্ৰহণ কৰি নৱ গঠিত আঞ্চলিক আমছুৰ সভাপতি আক্ৰৰম মণ্ডলে সভাত উল্লেখ কৰে যে, বাল্য বিবাহৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ লগতে শৈক্ষিক দিশত বিশেষ ভুমিকা গ্ৰহণ কৰিব।

সভাত অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ ৰফিকুল ইছলামৰ লগতে কোকৰাঝাৰ জিলা সমিতিৰ মাজাহাৰুল ইছলাম, শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাক্তন MCLA আব্দুল খালেক মণ্ডল
আৰু শিমুল টাপুৰ আঞ্চলিকৰ বুদ্ধিজীৱী সমাজ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.