নোনা নৈৰ বাঢ়নী পানীত উটি যোৱা কৃষকৰ মৃতদেহঃ ঘগ্ৰাপাৰ-বুৰবুৰীত উদ্ধাৰ

♦নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা গাঁৱৰ এগৰাকী কৃষক কালি আবেলি নোনা নৈৰ আকনাত উটি গৈ সন্ধাহীন হৈ আছিল, আজি দুপৰীয়াৰ ভাগত ঘগ্ৰাপাৰৰ-বুৰবুৰীৰ নোনা নৈত মৃতদেহ উদ্ধাৰ হয়। নোনা নৈত উদ্ধাৰ হোৱা মৃত কৃষকগৰাকী ঘগ্ৰাপাৰৰ আকনা গাঁৱৰ প্ৰবীন-দাস (৪৫) বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ মৃতদেহটো মৰোত্তণ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

উল্লেখ‍্য যে ৰাতিপুৱাৰ ভাগত এছ ডি আৰ এফ বাহিনীয়ে আকনাত নোনা নৈত কৃষকগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও সফল হোৱা নাছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.