31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    নিউ গুৱাহাটী সমজিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ সেৱা

    গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” অবিৰত কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ সেৱা আজি নিউ গুৱাহাটী সমজিলাৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়। উল্লেখ্য যে, সকলো যানবাহনৰে নথিপত্ৰ সঠিক কৰি ৰাখি ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ উদ্যেশ্যে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত এই বিশেষ সেৱা কাৰ্যসূচীত আজি বহুসংখ্যক যান-বাহন ব্যৱহাৰকাৰীয়ে বিভিন্ন ওজৰ-আপত্তিৰ নিষ্পত্তি তথা নথিপত্ৰৰ নৱীকৰণৰ বাবে ভিৰ কৰে।

    পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকী যোৱা দিনসমূহৰ দৰে আজিও সেৱা কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিগৰাকী যানবাহন ব্যৱহাৰকাৰীৰ বিভিন্ন সমস্যাৰ বুজ লৈ তেওঁৰ লগত যোৱা বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দলৰ জড়িয়তে সেইসমূহ ততালিকে সমাধানৰ ব্যৱস্থা কৰে।

    বাহন চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰৰ আবেদন, অনুজ্ঞাপত্ৰৰ নৱীকৰণ, ৰেজিষ্ট্ৰেচন, নাম-ঠিকনাৰ শুধৰণি, বিভিন্ন ক্ষেত্ৰত দিবলগীয়া জৰিমনা, কৰ পৰিশোধ আদি সমস্যাৰ নিমিষতে সমাধান হোৱাত বাহনৰ গৰাকীসকলে বিভাগৰ এই ব্যতিক্ৰমী আৰু জনহীতাৰ্থ কাৰ্যসূচীৰ পৰা উপকৃত হোৱা বুলি মন্তব্য কৰে।

    বিষয়া গৰাকীয়ে এইসকল লোকৰ দ্বাৰাই সমাজৰ সকলো স্তৰৰ যানবাহন ব্যৱহাৰকাৰীক উদ্যেশ্যি অনতিপলমে সমূহ যানবাহনৰে নথিপত্ৰ নৱীকৰণৰ আহ্বান আনায়। বাহনৰ নথিপত্ৰ সঠিক হৈ নাথাকিলে যে দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে বীমা কোম্পানীৰ পৰা কোনোধণৰ ক্ষতিপূৰণ নাপাবও পাৰে সেই কথাও তেওঁ উল্লেখ কৰে। আজিৰ সেৱা কাৰ্যসূচীত জ্যেষ্ঠ যানবাহন পৰিদৰ্শক অচিন্ত্য সেনৰ নেতৃত্বত নিউ গুৱাহাটী সমজিলাৰ কেইবা শতাধিক যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ থিতাতে সমাধান কৰা হয়৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.