নলবাৰী সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ

■ ফইজুল হক চৌধুৰী, নলবাৰীঃ
■ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাই আজি অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

পুৱাই তেঁওৰ সহধৰ্মিনী জুলি ডেকা বৰুৱাক লগত লৈ চান্দকুছিস্থিত পৰিয়ালৰ দূৰ্গা মন্দিৰ আৰু ঐতিহ্যমণ্ডিত নলবাৰীৰ বালিলেচা কালি মন্দিৰত সেৱা জনাই এক সুন্দৰ পৰিবেশৰ মাজত সপৰিয়ালে চান্দকুছিস্থিত প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে।

গণতন্ত্ৰৰ এই মহোৎসৱত অংশগ্ৰহণ কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে সকলো ভোটাৰ ৰাইজক আহ্বান জনায় জয়ন্তমল্ল বৰুৱাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.