নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধন

 

নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয় উদ্বোধ

অসম খবৰ প্ৰতিনিধি নলবাৰী -১৯ ছেপ্টেম্বৰ

দেওবাৰে নলবাৰীৰ জিলাৰ পয়লাত ‘নলবাৰী জিলা ব্ৰাহ্মণ মহাসভা’ৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।
বিশিষ্ট জ্যোতিষী, অৱসৰী শিক্ষক দিপক ৰঞ্জন বৰদলৈয়ে উদ্বোধন কৰা এই অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰকাশ শৰ্মা আৰু অৱসৰী শিক্ষক বৰমাৰ অমূল্য শৰ্মা।

নলবাৰী জিলা সমিতিৰ সভাপতি পংকজ প্ৰতিম শৰ্মাই সভাপতিত্ব কৰা এই সভাখনত নলবাৰী জিলাৰ চাৰিখন আঞ্চলিক সমিতিৰ বিভিন্নজন কৰ্মকৰ্তা উপস্থিত থাকে।

সভাখনৰ আঁত ধৰাৰ উপৰিও শলাগৰ শৰাই আগবঢ়ায় জিলা সমিতিৰ সাঃসম্পাদক জিন্টু মনি শৰ্মাই।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.