নলবাৰী জিলাৰ এগৰাকী ব্যতিক্ৰমী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস

♥ নলবাৰী জিলাৰ এগৰাকী ব্যতিক্ৰমী যুৱক, নাম নাছিকুৰ ৰহমান। মানৱদৰদী যুৱক নাছিকুৰ ৰহমানে নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে ওলাই আহিছে। তেওঁৰ কৰ্মই তেওঁৰ পৰিচয়। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ শিক্ষিত যুৱক নাচিকুৰ ৰহমান। চাৰিজনীয়া পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে যুৱকজনে। নিজৰ জীৱনকো আওকাণ কৰি মানৱ সেৱাত জড়িত এইগৰাকী সাধাৰণ চাইকেল মেকানিক নাচিকুৰ ৰহমান।

সাধাৰণ চাইকেল মেকানিক কৰি কোনোমতে চলি থকা এইজন মানৱ দৰদী যুৱকে পৰিয়াল পোহপাল দিয়াৰ লগতে যোৱাবছৰো কভিড মহামাৰীৰ সময়ত চেনিটাইজেছন কৰাৰ লগতে এইবাৰো চৰকাৰী বেচৰকাৰী অফিচ কাছাৰীৰ লগতে মন্দিৰ, মহজিদ আনকি ক’ভিড পজিটিভ ৰোগীৰ ঘৰত গৈ চেনিটাইজেছন কৰিছে৷ লগতে ৰাইজক চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ কৰি আহিছে।

লক্ষনীয় কথা এই যে, চৰকাৰী কোনো সহায় নোহোৱাকৈ নিজৰ গাঁঠিৰ ধন ভাঙি হলেও ৰাইজৰ হকে ওলাই আহিছে এই যুৱকজনে। যুৱকজনে জানিবলৈ দিয়া মতে, ধাৰ লৈ এইবিলাক ৰাজহুৱা কাম কৰি আছে তেওঁ। সৰুৰে পৰা তেওঁ ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে কিবা এটা কৰাৰ আগ্ৰহী যুৱকজন। এইক্ষেত্ৰত পৰিয়ালৰ ফালৰ পৰাও যথেষ্ট সহযোগ পাইছে যুৱকজনে। যদি চৰকাৰে তেওঁক সহায় কৰে এই ক্ষেত্ৰত তেওঁৰ কোনো আপত্তি নাই বুলিও তেওঁ সংবাদ মাধ্যমক জনায়। দল-সংগঠন আৰু ৰাইজৰ পৰা যথেষ্ট মৰম আৰু শ্ৰদ্ধা পাইছে এই গৰাকী যুৱকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.