31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    নলবাৰী ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক গোটৰ বিশেষ সভা

     

    নলবাৰী ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক গোটৰ বিশেষ সভা

    অসম খবৰ নলবাৰী ফইজুল হক চৌধুৰীৰ ১৪ ছেপ্টেম্বৰ::

    নলবাৰী জিলাৰ অন্যতম এখন শিক্ষা অনুষ্ঠান ঘগ্ৰাপাৰ হাইস্কুল।
    প্ৰায়
    ৯ শ ছাত্র-ছাত্রী থকা ঘগ্ৰাপাৰ হাইস্কুল খনৰ শিক্ষক গোটৰ এখনি সভা অনুষ্ঠিত হয় মঙ্গল বাৰে।
    বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি দৰে আগবঢ়াই নিয়াৰ হ’ব তাক লৈ শিক্ষক শিক্ষয়িত্ৰী সকলে
    সভাত আলোচনা কৰে।
    বিদ্যালয় খনৰ
    প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে শৈক্ষিক সমিতিৰ সভাপতি ৰাতুল চন্দ্ৰ ডেকাই।

    বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত তালুকদাৰে সুন্দৰ বক্তব্য দাঙি ধৰে সভাত।
    আনহাতে সভাত প্ৰকাশ কৰে বৰ্তমান সময়ত
    অনলাইন পাঠদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বিশেষ ভাৱে লাভাম্বিত হোৱা নাই যদিও অফলাইনৰ কোনো বিকল্প নাই বৰ্তমান সময়ত।
    তাৰ লগতে অনলাইন জৰিয়তে কিছু অসুবিধা হৈছে
    ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত অধিকাংশই দৰিদ্ৰ পৰিয়ালৰ যাৰ বাবে অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ বহু ছাত্ৰ-ছাত্ৰী ।
    বিশেষ ভাৱে দশম মান শ্ৰেণীৰ ২০০ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ভিতৰত ৮/১০ জনেহে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে বাকী ছাত্র ছাত্রীয়ে পোৱা নাই বুলি প্ৰকাশ কৰে।

    এই সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিয়ে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব নোৱাৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    আনহাতে যি সকলে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব পাৰে তেওঁলোকক অনলাইন পদ্ধতিৰে শিক্ষাদান কৰিব বুলি যৌথ প্ৰচেষ্টাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে এক গোট হৈ সহায় সহযোগিতা আগবঢ়োৱা সিদ্ধান্ত গ্ৰহণ কৰে সভাই ।

     

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.