নলবাৰীৰ কৈঠালকুছিত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা

■ নলবাৰী জিলাৰ কৈঠালকুছিৰ এগৰাকী ২০ বছৰীয়া ছাত্র সন্ধানহীনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৈঠালকুছি গাওঁৰ পেছাত হস্তশিল্পী হৰিপদ হালৈৰ পুত্ৰ হিমাংশু হালৈ ২০ মেৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ঘৰৰ পৰা কৈঠালকুছিলৈ বুলি বজাৰ আনিবলৈ যোৱাৰ পৰা সন্ধানহীন হৈ আছে। যোৱা ২০ মেৰ পৰা আজিলৈকে প্ৰায় তিনিমাহ সন্ধান লাভ কৰা নাই ছাত্র জনৰ।

পৰিয়ালৰ লোকে বেলশৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ কামৰূপ মহাবিদ্যালয়ত অধ্যয়নৰত এইগৰাকী ছাত্র হিমাংশু হালৈৰ কোনো লোকে সন্ধান পালে 8011520702 নম্বৰত যোগাযোগ কৰিব পাৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.