নলবাৰীৰ আৰিকুছি চকত চোৰৰ চাফাই অভিযান

♦ উইছডম কম্পিউটাৰ প্ৰেছত সংঘটিত হৈছিল উক্ত চুৰি কাৰ্য
শুকুৰবাৰে পুৱা উদ্ধাৰ হ’ল চুৰি সামগ্ৰী সমূহ
নলবাৰীৰ আৰিকুছি চ’কত বৃহস্পতিবাৰে নিশা সান্ধ্য আইনৰ সুযোগ লৈ চোৰে লুটি নিয়া প্ৰেছৰ কম্পিউটাৰ, লেপটপসহ মূল্যবান সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

শুকুৰবাৰে পুৱা উদ্ধাৰ কৰা হৈছে চুৰি হোৱা সামগ্ৰী সমূহ।
উল্লেখ্য যে, স্বত্বাধিকাৰী জ্যোতিষ বৈশ্যৰ আৰিকুছি চকত থকা ‘উইছডম কম্পিউটাৰ প্ৰেছ’ত সংঘটিত হৈছিল উক্ত চুৰি কাণ্ডৰ ঘটনা। ইপিনে, চোৰে লুটি নিয়া ডেক্সটপ কম্পিউটাৰ, লেপটপসহ প্ৰেছৰ বহুতো মুল্যবান সামগ্ৰী শুকুৰবাৰে পুৱা উদ্ধাৰ কৰা হৈছে প্ৰেছৰ পিচফালৰ হাবিত। পুৱা প্ৰেছৰ স্বত্বাধিকাৰী জ্যোতিষ বৈশ্যই পিচফালৰ জাৰণিত প্ৰত্যক্ষ কৰে চুৰি হোৱা সামগ্ৰী সমূহ।
ইপিনে, চুৰি হোৱা সামগ্ৰী সমূহ উদ্ধাৰ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে ব্যৱসায়ীজনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.