নলবাৰীত ছাত্ৰ যুৱ শক্তি অসমৰ সংবাদমেল

■ পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি সংবাদমেল
● নলবাৰী জিলাৰ নামদোঙাত আজি ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে এখন সংবাদমেল সম্বোধন কৰে।

উল্লেখযোগ্য যে শেষতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে কৰোনা মহামাৰীৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়নৰ ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ ব্যৱস্থা কৰিছে।

বৰ্তমান কৰোনা মহামাৰী চলি থকাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক বৰ্ষ সুৰক্ষিত কৰাৰ স্বাৰ্থত উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিৰ দ্বাৰা দাখিল কৰা বিকল্প মূল্যায়ন পদ্ধতিৰ সকলো ৰূপৰেখা গ্ৰহণযোগ্য হলেও ছাত্র-ছাৰ্ত্ৰীসকলৰ নম্বৰটো চাকৰিৰ অৰ্হতা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰাটোহে কোনোপধ্যেই গ্ৰহণযোগ্য বিষয় হ’ব নোৱাৰে বুলি মন্তব্য কৰে।

আনহাতে সংবাদমেলত কয় যে, অসমৰ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ওপৰত যি মন্তব্য কৰিছে সেয়ে আচৰিত কৰি তুলিছে।

আনহাতে নতুন ব্যৱস্থাৰে মূলাংকন কৰি অতি সোনকালে ফলাফল ঘোষণাৰ কথা কৈছে অথচ এইসকল ছাত্র-ছাত্ৰীৰ মূল্যায়ন চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। সেইসকল ছাত্র ছাত্ৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব যাৰ আলমত তেওঁলোকে চাকৰিৰ আবেদন কৰিব পাৰিব। এই সমূহ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এয়া কি সিদ্ধান্ত ইয়াৰ ওপৰত প্ৰশ্ন তোলে সংগঠনটোৱে
ইফালে এনে ব্যৱস্থাৰ তীব্র বিৰোধিতা সংগঠনটোৰ আৰু সিদ্ধান্ত সলনি কৰি যি ব্যৱস্থা গ্ৰহণ নকৰক কিয় সেই মাৰ্কচিট সকলোতে মান্যতা পোৱাৰ ব্যৱস্থা কৰিবলৈ আহবান সংগঠনটোৰ।

আজিৰ এই সংবাদমেলত উপস্থিত থাকে AAP অসমৰ সভাপতি ভবেন চৌধুৰী, নলবাৰীৰ জিলাৰ আপৰ সভাপতি আনচুল হক, ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাংগঠনিক সদস্য বাবুল আলী, আপ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অনুৰূপা বড়োকে ধৰি কেইবাগৰাকীও নেতা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.