নদী বা পুখুৰীত নহয়, ব্যস্ত পথত জাল মাৰিছে দল-সংগঠনৰ কৰ্মীসকলে

■ মানিকপুৰৰ পাতিলাদহাত পথ মেৰামতিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ।

বঙাইগাঁও জিলাৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা ৰাস্তা মেৰামতিৰ দাবীত আজি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাস্তাৰ ওপৰত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মানিকপুৰৰ অতিকৈ গুৰুত্বপূৰ্ণ এই পথটো ২৫ বছৰে নিৰ্মাণ নোহোৱাত জহি খহি গৈছে পথটো।

পাতিলাদহা বজাৰ, ৰে’লৱে ষ্টেচন আদিলৈ নিতৌ হাজাৰ হাজাৰ লোকে যাতায়ত কৰে উক্ত পথটোৰে। এখন ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা পথৰ এনে কদৰ্যময় অৱস্থা হোৱাত প্ৰকৃততে উদঙাই দিছে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ উন্নয়নৰ ফোপোলা স্বৰূপ। অনতিপলমে পথটো নিৰ্মাণ কৰিবলৈ দল- সংগঠনে দাবী জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.