■ নগাঁও: নগাঁও জিলাৰ কাৰিকৰী শিক্ষানুষ্ঠান নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২০২০ বৰ্ষৰ নৱাগত আদৰণি সভা আজি অনুষ্ঠিত হয়৷ প্ৰতিষ্ঠানৰ জ্যোষ্ঠ অধ্যক্ষ অম্বিৰাম মালাকাৰৰ সভাপতিত্বৰে ছাত্ৰ একতা সভাৰ কাৰ্য্য আগবঢ়াই নিয়ে।
প্ৰতিষ্ঠানৰ নৱাগত ছাত্ৰছাত্ৰীয়ে দুষাৰ বক্তব্য আগবঢ়োৱা লগতে জেষ্ঠ ছাত্ৰ মৃত্যুঞ্জয় কুমাৰ মাহাতো আৰু মৃন্ময় শইকীয়াই ছাত্ৰছাত্ৰীক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়াই৷
আনহাতে প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক নিতুমন কোৱৰ প্ৰমূখ্যে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া উপস্থিত থকাৰ বিপৰীতে প্ৰতিষ্ঠানৰ প্ৰশিক্ষক সকল উপস্থিত থাকি অনুষ্ঠান সামৰণি পৰে ৷
Leave a Reply