ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান

গৌৰিপুৰৰ পৰা আনিছুৰ আলিঃ নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে প্ৰয়াত সাংবাদিক দিলিপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা প্ৰদান কৰে।

সাংবাদিক আজিজুৰ ৰহমানক এই সন্মান ১৭ জানুবাৰী দেওবাৰে ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাকতৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হয়। তেওঁৰ এই সন্মান লাভ কৰাত তেওঁৰ গাওঁবাসীকে ধৰি সমগ্ৰ ধুবুৰী জিলাৰ বিভিন্ন-দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট ব্যক্তি অন্যান্য ব্যক্তি সকলে সাংবাদিক গৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.