দৰং জিলাৰ সানোৱা গৰুখুটি অঞ্চলৰ একমাত্ৰ নাৰী শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপক শিক্ষকৰ বিদায় অনুষ্ঠান সম্পন্ন

■ ছিপাঝাৰৰ পৰা ফখৰুদ্দিন আহমেদ, অসম খবৰঃ দৰং জিলা সংমন্ডলৰ অন্তৰ্গত সানোৱা গৰুখুটি অঞ্চলৰ নাৰী শিক্ষানুষ্ঠান জয়মতী কুঁৱৰী বালিকা উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আজিদ উল্লাহ আহমেদৰ বিদায় অনুষ্ঠান সম্পন্ন হৈ যায়।

দক্ষিন-পশ্চিম দৰঙৰ একমাত্ৰ নাৰী শিক্ষাৰ শিক্ষানুষ্ঠান জয়মতী কুঁৱৰী বালিকা উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক অবসৰী প্ৰধান শিক্ষক আজিদ উল্লাহ আহমেদক বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে আজি দিনৰ ১ বজাত বিদায় সম্বৰ্ধনা জনোৱা হয়।

বিদ্যাপীঠ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মোবাৰক আলিয়ে সভাপতিত্ব কৰা উক্ত অনুষ্ঠানটিত বাঁহগড়া গনেশ কুঁৱৰী জনজাতি হাই স্কুল, ডেকাৰগাঁও হাই স্কুল , ঘিলাকুৰী হাই মাদ্ৰাছা, সাতখলি হাই মাদ্ৰাছা’ পশ্চিম মঙ্গলদৈ হাই মাদ্ৰাছা, পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছা আৰু সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান সকল আৰু স্থানীয় শিক্ষাবিদ আৰু ৰাইজে উপস্থিত থাকি বিদায়ী প্ৰধান শিক্ষক গৰাকীৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে।

বিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰী একতা সভা আৰু স্থানীয় ৰাইজে প্ৰশংসা পত্ৰ, গামোছা, চেলেং চাদৰ, জাপি আৰু শৰাই আদিৰে অভিবাদন জনাই ওপচাই দিয়ে।

কাৰ্যালয় সহকাৰী ইউচা আলিৰ শলাগৰ শৰাই প্ৰদানেৰে বিদায় সভাখনিৰ সফল সামৰনি পৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.