Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

দীপৰ বিলৰ মাছ সংৰক্ষণৰ বাবে দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেডৰ প্ৰয়াসঃ বিলৰ মাছৰ সুৰক্ষাৰ বাবে খনা নৈ সংযোগী স্থানত স্থাপন কৰা হৈছে সাৰ বান্ধ

- Advertisement -

আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই সুনামটো হল দীপৰ বিলৰ মাছৰ সোৱাদ। দীপৰ বিলৰ মাছৰ সোৱাদ তুলনামুলক ভাৱে অধিক হোৱা বাবে স্বাভাৱিকতে মাছৰ চাহিদাও বেছি। যাৰ বাবে বহু গ্ৰাহকে অলপ বেছি টকা দি হলেও দীপৰ বিলৰ মাছ বজাৰৰ পৰা ক্ৰয় কৰি লৈ যায়। উল্লেখ্য যে গ্ৰাহকৰ ক্ৰয়ৰ সুবিধাৰ বাবে দীপৰ বিলৰ মাছৰ তিনিখন বজাৰ আছে। তাৰে এখন আছে বিলৰ দক্ষিণ দিশত চকৰদৌত দীপৰ বিলৰ পাৰত থকা বন বিভাগৰ পক্ষী নিৰীক্ষণ কেন্দ্ৰৰ ওচৰত। আন দুখনৰ এখন আছে আজাৰা আৰক্ষী থানাৰ গাতে লাগি থকা গধূলিবজাৰত আৰু আনখন আছে ধাৰাপুৰ চাৰিআলিত।

এইখিনিতে উল্লেখ্য যে দীপৰ বিলৰ মাছক কেন্দ্ৰ কৰিয়েই ৯ খন গাঁৱৰ ৮২৫ টা পৰিয়ালে যুগ যুগ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। তেওঁলোকেৰ বাবেই দীপৰ বিল হৈছে প্ৰাণৰো প্ৰাণ। সেই ৯ খন গাওঁ হল ক্ৰমে- কেওঁটপাৰা, কেওঁটপাৰা দ্বিতীয়খণ্ড (ভৱানীপুৰ), হীৰাপৰা, বৰবৰী, নতুনবস্তি, হাটুৱাপাৰা, নোৱাপাৰা, মাটিয়া আৰু মেধিপাৰা। আনহাতে এই ৯ খন গাঁৱৰ ৮ শতাধিক মাছমৰীয়া পৰিয়ালৰ জীৱন-জীৱিকা লগতে দীপৰ বিলৰ সুৰক্ষাৰ বাবে তাহানিতে গঠন কৰা হৈছিল দীপৰ বিল পাছপাৰা সমবায় সমিতি লিমিটেড নামৰ এটা সন্থা।

সমিতিৰ উপদেষ্টাদ্বয় নীৰেন দাস আৰু প্ৰদীপ দাস, সভাপতি গোলক দাস (১) আৰু সাধাৰণ সম্পাদক গোলক দাসে (২) জানিবলৈ দিয়া মতে তেঁওলোকে যুগ যুগ ধৰি দীপৰ বিলত মাছ মাৰি সেই মাছ বজাৰত বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। ইয়াৰ উপৰিও প্ৰতি বছৰে বাৰিষা কালত সমিতিয়ে দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছ এৰি দিয়ে। তেনেদৰে প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰত যাবতীয় পূজা অৰ্চনা কৰি মাছ ধৰা পৰ্ব আৰম্ভ কৰে। সমান্তৰালভাৱে বাৰিষা কালত দীপৰ বিলত এৰি দিয়া মাছবোৰ যাতে ব্ৰহ্মপুত্ৰ নদী সংযোগী খানা নৈৰে ওলাই যাব নোৱাৰে তাৰ বাবে খানা নৈ সংযোগী স্থানত বাৰিষা কাল শেষ হোৱাৰ পিছত ছেপ্টেম্বৰ মাহৰ শেষভাগৰ পৰা সাৰ বান্ধ স্থাপন কৰা হয়। যাতে দীপৰ বিলৰ মাছ ওলাই যাব নোৱাৰে। সেই সাৰ বান্ধটো ২৬ জানুৱাৰীলৈকে থাকে।

উল্লেখ্য যে বাঁহৰে নিৰ্মিত সাৰ বান্ধখন নিৰ্মাণ কৰোতে প্ৰায় তিনি সপ্তাহৰ প্ৰয়োজন হয়। সমিতিৰ ফালৰ পৰা প্ৰতি ঘৰৰ সদস্যই পাল পাতি সাৰ বান্ধ স্থাপন কৰাৰ পৰা আৰম্ভ কৰি তাত মাছ ধৰালৈকে সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰি আহিছে সমবায় ভিত্তিত। দৈনিক গড় হিচাপত সাৰ বান্ধত ৪০ৰ পৰা ৫০ কেজি মাছ ধৰা হয়। সেই মাছ সাধাৰণতে ধাৰাপুৰ চাৰিআলি আৰু গধূলিবজাৰত গ্ৰাহকক বিক্ৰী কৰা হয়। গুৰুত্বপূৰ্ণ কথা এয়ে যে সাৰ বান্ধটোৰ সুৰক্ষাৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে দীপৰ বিলৰ ওপৰত জীৱিকা নিৰ্বাহ কৰি অহা ৮২৫ টাকৈ মাছমৰীয়া পৰিয়ালৰ ভবিষ্যত। অৱশ্যে দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাকে ধৰি বিভিন্ন কাৰণৰ বাবে দীপৰ বিলত পূৰ্বতকৈ মাছৰ বংশ-বৃদ্ধি উদ্বেগজনকভাৱে কমি যোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে সমিতিৰ কৰ্মকৰ্তা সকলে। যাৰ বাবে মাছমৰীয়া পৰিয়াল সমুহৰ জীৱন-জীৱিকালৈ ভাবুকি আহি পৰিছে।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °