31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    দীপৰ বিললৈ আহিছে বনভোজকাৰী দল ; উদুলি – মুদুলি বনভোজথলী

    আজাৰা , ৪ ডিচেম্বৰ : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ পাৰত নৱেম্বৰ মাহ পাৰ হৈ ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে লগে আগমণ ঘটে বনভোজকাৰী দলৰ। এইদৰে শীতৰ আগমণৰ সময়তে দীপৰ বিললৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ জাক । সেই পৰিভ্ৰমী পক্ষীৰ জাকৰ জলকেলি চাবলৈ দীপৰ বিলৰ পাৰত দিনৰ ভাগত অসংখ্য লোকে ভীৰ কৰাও পৰিলক্ষিত হৈছে। ইফালে দীপৰ বিললৈ বনভোজ খাবলৈ অহা লোকসকলে যাতে শৃংখলাবদ্ধভাবে বনভোজ খাব পাৰে তাৰ বাবে বিগত বৰ্ষৰ দৰে এইবেলিও বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰীশ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো যোৱা ২৯ নবেম্বৰত মুকলি কৰাৰ পাছত বিগত চাৰি – পাঁচদিন ধৰি বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী দলকে ধৰি ভালেকেইটা বনভোজকাৰী দলৰ আগমণ ঘটা পৰিলক্ষিত হৈছে।

    আনকি মুকলি কৰাৰ দুদিন পাছত প্ৰথমটো দেওবাৰত অৰ্থা পহিলা ডিচেম্বৰৰ দিনা গুৱাহাটী মহানগৰীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটে প্ৰায় ২৫ টা মান বনভোজকাৰী দলৰ। উল্লেখ্য অঞ্চলটোৰ সামাজিক – সাংস্কৃতিক আৰু অগ্ৰণী ক্ৰীড়া সংগঠন দেউছতাল নবজ্যোতি সংঘই পৰিচালনা কৰি আহিছে বনভোজথলীটো । এই সন্দৰ্ভত নবজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী , উপ সভাপতি অশোক থাপা আৰু সাধাৰণ সম্পাদক বিজয় বড়োয়ে জানিবলৈ দিয়া মতে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ।

    আনকি বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিনামূলীয়াকৈ বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পৰ্যাপ্ত পাকিং ব্যৱস্থা, শৌচাগাৰ – প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হৈছে। সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে চাফ – চিকুণ আৰু পৰিচালনাৰ বাবে হোৱা কিছু যাৱতীয় খৰচৰ বাবে বনভোজকাৰী দল সমূহৰ পৰা ৰচিদৰ বিনিময়ত সংঘই কিছু পৰিমাণৰ ধন মাচুল হিচাপে সংগ্ৰহ কৰা হ’য় । প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে।

    প্ৰতি বছৰে নৱেম্বৰ মাহৰ শেষৰ ফালে মাংগলিক কাৰ্যৰ মাজেৰে যাৱতীয় পূজা অৰ্চনা কৰি বনভোজথলীটো মুকলি কৰা হয়। বনভোজথলীটো যিহেতু দীপৰ বিলৰ পাৰতে আছে আৰু বিলত দেশী বিদেশী পৰিভ্ৰমী চৰাই বিচৰণ কৰি থকা বাবে বনভোজকাৰী দল সমূহে যাতে উচ্চ স্বৰত কোনো ধৰণৰ সংগীত নবজাই তাৰ বাবে বনভোজ খাবলৈ অহা সকলোকে নবজ্যোতি সংঘৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। উল্লেখ্য যে পুৱা পোহৰ হোৱাৰ পাছত সন্ধিয়া আন্ধাৰ হোৱাৰ আগমূহুৰ্তলৈহে বনভোজথলীটো মুকলি থাকে। আন্ধাৰ হোৱাৰ পাছত বনভোজথলীত কাকো প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয় ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.