থানাত গোচৰ পঞ্জীয়ন নহ’লে কি কৰিব?

♦ প্ৰশ্নটোৰ সমিধানত ক’ব পাৰিঃ আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপক। যুগান্তকাৰী অসম আৰক্ষী আইন ২০০৭ ত দায়বদ্ধতা আয়োগৰ ব্যৱস্থা হৈছে পূৰ্ণকালীনভাৱে। এই আইন আমাৰ দেশৰ সৰ্ব্বোচ্চ আদালতৰ হস্তক্ষেপত আৰু স্বাধীনতাৰ পিছৰেপৰা বিভিন্ন আৰক্ষী-সংস্কাৰ আয়োগসমূহৰ নেৰা-নেপেৰা চেষ্টাৰ ফচল। আইনখনৰ ৪৭ ধাৰাৰ চ ছ এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। প্ৰণিধানযোগ্য কাৰ্যবিধি আইনৰ ১৫৪ ধাৰা, গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কৰিবলগীয়া কাৰ্য ব্যৱস্থা।

প্ৰশ্ন হয়, গুচৰীয়াৰ আইনৰ জ্ঞানৰ প্ৰয়োজন আছে নেকি? দণ্ডবিধি আইনত সন্নিবিষ্ট অপৰাধ অথবা কোনো গৌন আইনত উল্লিখিত অপৰাধসমূহৰ জ্ঞান গুচৰীয়াৰ বিচাৰ্য নহয়। সেয়া অসম্ভৱ। গুচৰীয়াই কেৱল স্বাধীন এখন ৰাষ্টৰ নাগৰিক হিচাপে, জীৱন-সা-সম্পত্তি, মুক্তভাৱে চলা-ফুৰা, জীৱন-নিৰ্বাহৰ অধিকাৰ বিঘ্নিত অথবা খৰ্ব হ’লে আৰক্ষীৰ ওচৰ চাপে আইনগত প্ৰতিকাৰৰ হেতু। কোনটো অভিযোগ আইন বিৰোধী, কোনটো আইনসন্মত এজন সাধাৰণ লোকে জনাটো অসম্ভৱ। এইবোৰ জানি-বুজি লৈ গোচৰ দিবলৈ হ’লে সাধাৰণ লোকজনে আইনজ্ঞ লোক এজন বিচাৰি অভিযোগ তেওঁৰ জৰিয়তে লিখাই লৈ অথবা আইনজ্ঞজনকো লগত লৈ আৰক্ষী থানালৈ যাব লাগিব।

Police Station, Fancy Bazar – Police in Guwahati (file photo)

গুচৰীয়াই লিখিব-পঢ়িব নোৱাৰিলে মৌখিকভাৱে গোচৰ দিব পাৰে। থানাৰ আৰক্ষী বিষয়াই নিজে লিখি গোচৰ অনুসন্ধানৰ বাবে ল’ব পাৰে। দেৰি হ’লে গোচৰ ল’ব নোৱাৰাৰ যুক্তি নাই। লিখিত অভিযোগ হ’লে থানাৰ আৰক্ষী বিষয়াই নিজাকৈ প্ৰশ্ন কৰি গুচৰীয়াৰ উত্তৰ কিয় দেৰি হ’ল লিখি ল’ব লাগে। যি ক্ষেত্ৰত মৌখিক অভিযোগৰ হীন-ডেঢ়ি গোচৰ নোলোৱাৰ কোনো কাৰণ হ’ব নোৱাৰে। সকলো হীন দেৰি প্ৰশ্নৰ জৰিয়তে পৰিপূৰক হিচাপে ল’ব লাগে। গুচৰীয়াজনৰ অভিযোগ সদায়, সকলো ক্ষেত্ৰতে স্বয়ং সম্পূৰ্ণ হোৱাটো সম্ভৱ নহ’ব পাৰে। মিছা-সঁচা অনুসন্ধানত ওলাব। মিছা হ’লে গোচৰীয়াক বিচাৰৰ কাঠগড়াত হাজিৰ কৰাটো আৰক্ষীৰ দায়িত্ব আৰু অধিকাৰ। কিন্তু অনুসন্ধানৰ আগতেই বিচাৰ কৰাৰ অধিকাৰ অথবা দায়িত্ব আৰক্ষীৰ আইনগত নহয়। যদি কৰে, সেয়া অধিকাৰৰ অপপ্ৰয়োগ আৰু বেআইনী।

গোচৰৰ প্ৰত্যাখ্যান আৰক্ষীৰ অপৰাধ যদিহে কিয় প্ৰত্যাখ্যান কৰিলে তাৰ কাৰণ লিখিতভাৱে গুচৰীয়াক নজনায় আৰু থানাৰ পঞ্জীত অন্তৰ্ভূক্ত নকৰে। অধৰ্তব্য গোচৰৰ ক্ষেত্ৰত গুচৰীয়াক জনাব লাগিব যে ওচৰৰ ন্যায়িক দণ্ডাধীশৰ অনুমতি প্ৰাৰ্থনা কৰিব লাগে। যদি অনুমতি পোৱা যায়, তেনে অধৰ্তব্য গোচৰ ধৰ্তব্য গোচৰৰো দৰেই অনুসন্ধান কৰিব পাৰে।

থানাৰ আৰক্ষী বিষয়াই গ্ৰহণযোগ্য অভিযোগ পঞ্জীয়ন নকৰিলে অসম আৰক্ষী দায়বদ্ধতা আয়োগে আৰক্ষীৰ তেনে কাৰ্য অপৰাধ হিচাপে গণ্য কৰি অনুসন্ধান সাপেক্ষে পঞ্জীয়ন নকৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে মোকৰ্দ্দমা পৰ্যন্ত ল’বলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিব পাৰে। দোষী প্ৰমাণিত হ’লে-জেল-জৰিমনা হ’ব পাৰে। অসম আৰক্ষী আইনত এই সমূহ ব্যৱস্থা সন্নিৱিষ্ট আছে। এইখন আইনত বিশেষকৈ অভিযোগকাৰীক অধিকাৰ প্ৰদান কৰা আছে। সেয়ে আইনখনৰ ঐতিহাসিক প্ৰ্মূল্য বহু বেছি।

অৱশ্যে ফৌজদাৰী কাৰ্যব্যৱস্থামূলক আইনখনত স্পষ্টভাৱে উল্লেখ আছে এটা কথা। কথাটো হ’ল আৰক্ষীয়ে কিয় একোটা মোকৰ্দমা তদন্ত বা অনুসন্ধান নকৰিব পাৰে। যদি কোনো অভিযোগ তদন্তযোগ্য বুলি বিবেচিত হয়, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তাৰ কাৰণ থানাৰ দৈনিক পঞ্জীত লিপিবদ্ধ কৰিব লাগিব। আৰু অভিযোগকাৰীকো অৱগত কৰিব লাগিব কিয় অনুসন্ধান কৰিব নোখোজে।

file photo

আইনৰ এনে ব্যৱস্থা পালন নকৰি ভাৰপ্ৰাপ্ত বিষয়াই অভিযোগ সম্বন্ধে অৱগত হৈ অভিযোগ প্ৰত্যাখ্যান কৰে। ফলত অভিযোগকাৰী আৰক্ষীৰ প্ৰতি অসন্তষ্ট হয়। লিখা-পঢ়া নজনা অভিযোগকাৰীৰ প্ৰতি আইন প্ৰদত্ত ব্যৱস্থা সমূলি পালন নকৰাটো আৰক্ষীৰ অন্য এক ক্ৰুটি। মৌখিক অভিযোগ সততে গ্ৰহণ কৰা দেখা নাযায়। বৰং এক শ্ৰেণী পেছাদাৰী দৰ্খাস্ত লিখোতে লোকৰ হাতত এৰি দি অশিক্ষিত লোকসকলৰ অভিযোগসমূহ অনাহূত হস্তক্ষেপৰ আৱৰ্তলৈ ঠেলি দিয়া হয়। ফলত অভিযোগ পঞ্জীয়ন হোৱাৰ আগতে, অনুসন্ধান কি কৰিব আদি পক্ষপাত দুষ্ট বিচাৰত পৰিণত হয়। আইনৰ স্বকীয় বৈষম্যহীন ব্যৱস্থাত আঘাত হানে।

সেয়ে ফৌজদাৰী আইনৰ ১৫৪ ধাৰাৰ বিধি-বিধান পালন কৰি অভিযোগ অনুসন্ধান যোগ্য অপৰাধ(ধৰ্তব্য)

সম্বন্ধে বিবেচিত হ’লে পঞ্জীয়ন কৰাৰ পদক্ষেপ লোৱাটো আৰক্ষীৰ পক্ষে ন্যায়সংগত কাম হ’ব। অপৰাধৰ ব্যাপকতা আৰু নিয়ন্ত্ৰণৰ অতীব প্ৰয়োজনীয়তাই আৰক্ষীক জনমুখী কৰি তোলাটো আজিৰ সময়ৰ সকলোতকৈ জৰুৰী প্ৰত্যাহ্বান।

লিখকঃ ৰোহিণী কুমাৰ বণিয়া

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.