ডালমিয়া চিমেন্টৰ লগতে লাভ কৰিলে এখন বাইক
প্ৰতিবেদক, মায়ং,১৮জানুৱাৰী:
মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ ৰ অন্তৰ্গত
জাগীৰোড সমষ্টি বাঘজাপস্থিত দালমিয়া চিমেন্টে গ্ৰাহকৰ বাবে লৈ আহিছে বহু আকৰ্ষণীয় পুৰস্কাৰ । ডিএচপি চিমেন্ট ক্ৰয় কৰা গ্ৰাহক সকলক উপহাৰ দিয়াৰ ওপৰিও তেওঁ লোকৰ মাজতেই পোন্ধৰ দিনৰ অন্তৰে অন্তৰে হৰ ঘৰ হেপ্পি আঁচনি নামেৰে এখন লাকি ড্ৰ অনুষ্ঠিত কৰি আহিছে আগশাৰীৰ চিমেন্ট কম্পেনিটোয়ে। ইতিমধ্যে হৈ যোৱা দুটা লাকি ড্ৰ ত ১৪ খন বাইক গ্ৰাহকে পাবলৈ সক্ষম হৈছে । জাগীৰোডৰ বাসিন্দাৰ ইমান আলিয়েও সোমবাৰে তেনে এখন বাইক লাভ কৰিবলৈ সক্ষম হয়। ইমান আলিয়ে চাট ঢলাই দিবৰ বাবে ১১০ বেগ চিমেন্ট বাণিজ্যিক কৰ্মচাৰী বুলবুল দাসৰ জড়িয়তে জাগীৰোডৰ জৈন এন্টাৰপ্ৰাইজৰ পৰা ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ডালমিয়াৰ ডি,এচ,পি চিমেন্ট তুলনামূলকভাৱে আন চিমেন্টতকৈ আয়জনক বুলি ব্যৱহাৰ কাৰী সকলে সন্তুষ্টি প্ৰকাশ কৰে। সোমবাৰে এই উপহাৰ বিতৰণৰ লগত সংগতি ৰাখি জাগীৰোডৰ জোনাক ৰেষ্টুৰেন্টত নিয়মীয়া গ্ৰাহক সকলৰ মাজত এটা মতবিনিময় কাৰ্যসূচীও অনুষ্ঠিত হয়। য’ত ডালমিয়াসৃষ্ট প্ৰতি বিধ চিমেন্টৰ উপযোগিতাৰ বিষয়ে বক্তব্য ৰাখে ডালমিয়াৰ সমল ব্যক্তি সকলে। অৱশেষত ইমান আলিক উক্ত মটৰ চাইকেল খন প্ৰদান কৰে ডালমিয়াৰ বাঘজাপ শাখাৰ প্ৰবন্ধক গৰাকীয়ে।
Leave a Reply