31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    জিনজিয়াত অন্ন মহোৎসৱ” আচঁনি শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্ত ::

     

     

    জিনজিয়াত অন্ন মহোৎসৱ” আচঁনি শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্ত ::

    বিশ্বনাথ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিশ্বনাথ জিলাৰ উদ্যোগত শুক্ৰবাৰে পূৱ বাঘমৰা সমবায় সমিতি লিমিটেডৰ কাৰ্য্যলয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা “অন্ন মহোৎসৱ” অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিধায়ক ৰঞ্জিত দত্তই ।
    দত্তই আচঁনিখনৰ শুভ উদ্বোধন কৰে।

    ক’ভিড-১৯য়ে দেশ জুৰি সৃষ্টি কৰা সংকটৰ সময়ত দুখীয়া-দৰিদ্ৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চলিত বছৰৰ মাৰ্চ মাহত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’(পিএমজিকেএওৱাই)ঘোষণা কৰিছিল
    । এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩য়ে সামৰি লোৱা প্ৰায় ৮১কোটি হিতাধিকাৰীৰ প্ৰতিগৰাকীকে তিনিমাহৰ বাবে অৰ্থাত এপ্ৰিল, মে’, আৰু জুন মাহৰ প্ৰতি মাহে ৫কিলোগ্ৰাম চাউল বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। সংকটৰ সময়ত চৰকাৰে আগবঢ়োৱা এই সাহায্যই দেশৰ দুখীয়া-দৰিদ্ৰ ৰাইজক বাৰুকৈয়ে সকাহ দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।

    দেশত অব্যাহত থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তি সময়তো দুখীয়া-পীড়িতক সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ‘পি এম জি কে এ ওৱাই’ আঁচনিখন অতিৰিক্ত ভাবে অন্য পাঁচোটা মাহ অৰ্থাৎ জুলাই মাহৰ পৰা নৱেম্বৰ, ২০২১লৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।

    বৃস্হপতি বাৰে। অনুষ্ঠানটিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী সকলক ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰে ৷

    উক্ত অনুষ্ঠান ভাগত উপস্থিত থাকে বিভাগীয় বিষয়া-কৰ্মচাৰী সকল,সমবায় সমিতিটিৰ লগত জড়িত ব্যক্তিসকল;জিলা পৰিষদ,পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু বিশিষ্ট ব্যক্তিসকল৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.