Saturday, May 24, 2025
33 C
Guwahati

জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈয়ে শ্ৰেষ্ঠ ভিদিঅ সম্পাদনা বঁটা ২০২১ ৰ এই বিশেষ সন্মান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈয়ে শ্ৰেষ্ঠ ভিদিঅ সম্পাদনা বঁটা ২০২১ ৰ এই বিশেষ সন্মান

অসমৰ জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ আজি গুৱাহাটী প্ৰেছ ক্লাৱত চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হয়৷

কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মূখ্য তথ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই৷

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত নাৰী শক্তি অসমৰ,সভানেত্ৰী নম্ৰতা শৰ্মা, বন্ধন বেংক, গুৱাহাটীৰ আঞ্চলিক পৰিচালক দেবদ্বীপ ভৰদ্বাজ, বিশিষ্ট অধিবক্তা সুভাস বিশ্বাস উপস্থিত থাকে৷

ইফালে বন্তি প্ৰজ্বলন কৰি অসম চৰকাৰৰ মূখ্য তথ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই কয় যে , অসমৰ সংবাদ জগতত ১৬ টা মান সংগঠন আছে৷

কিন্ত প্ৰতিটো সংগঠনৰ উমৈহতীয়া সমস্যা আছে৷বিষয়াগৰাকীয়ে এইক্ষেত্ৰত প্ৰতিটো সংগঠনক উমৈহতীয়া এখন মঞ্চ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷

প্ৰাগ্ নিউজৰ মূখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে অডিঅ যোগেদি আগবঢ়োৱা চমু ভাষণত কয় যে , সংবাদ মাধ্যম গুৰুত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এইক্ষেত্ৰত ৰাষ্ট্ৰৰপৰা প্ৰত্যাহ্বান অহাৰ লগতে কপৰেট গোষ্ঠীৰপৰা প্ৰত্যাহ্বান আহিছে৷কৃষক আন্দোলন ইয়াৰ অন্যতম উদাহৰণ বুলি উল্লেখ কৰি কয় যে ,একাংশ সংবাদ মাধ্যমক কপৰেট গোষ্ঠীয়ে নিয়ন্ত্ৰণ কৰিছে৷

ইফালে মুকলি সভাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা তিনিচুকীয়াৰ জোষ্ঠ সাংবাদিক বিকাশ মৰাণক উদ্যামী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰে৷এই বঁটাত আছে ফুলাম গামোচা, জাপি,মানপত্ৰ,মমেনটো৷বন্ধন বেংকৰ গুৱাহাটীৰ আঞ্চলিক পৰিচালক দেবদ্বীপ ভৰদ্বাজক গ্ৰাম্য উন্নয়ন বঁটা, শিৱসাগৰৰ সাংবাদিক তথা অধিবক্তা দেৱজোতি বৰুৱাক প্লাষ্টিকমুক্ত আৰু পৰিৱেশ হিতৈষী বঁটা , প্ৰয়াত সাংবাদিক অৰুপ কলিতাক মৰণোত্তৰভাৱে পৰিয়ালবৰ্গলৈ সম্বৰ্ধনা জনোৱাৰ হয়৷

আনহাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰে গোলাঘাটৰ প্ৰকাশ শৰ্মাই৷আৰু শ্ৰেষ্ঠ ভিদিঅ সাম্পাদনা ২০২১ বঁটা লাভ কৰে লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈই আনহাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা গোলাঘাটৰ সাংবাদিক দেবজিৎ লাহনক ক’ভিড যোদ্ধা(অভিনেতা) আৰু শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী তথা কষ্ঠশিল্পী ৰাজভূষণ গগৈক বিশেষ সম্বৰ্ধনা জনোৱা হয়৷

আজিৰ মুকলি সভাতে পাব্লিক প্ৰেছৰ বিভিন্ন শিতানৰ বঁটা আৰু সম্বৰ্ধনা জনোৱা হয়৷

সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে পাব্লিক প্ৰেছৰ কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গগৈ আৰু মূখ্য সম্পাদক অৰ্নিবাণ সেনে৷


নাৰায়ণপুৰ জয়ন্ত কুমাৰ হাজৰিকা

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds