৭ জানুৱাৰী তাৰিখে চিনমায়া ফাউণ্ডেশ্যন (An International people’s enhancement organization for peace & Harmony) ভাৰতৰ ৰাষ্ট্ৰদূত ৰাজশ্ৰী সেনাপতি গগৈয়ে ডিব্ৰুগড়ৰ শংকৰদেৱ বিদ্যা নিকাতেনৰ অসমীয়া মাধ্যম বিদ্যালয়ত কনিষ্ঠ শাখাৰ বাবে আবৃত্তি প্ৰতিযোগিতা আহ্বান কৰে।
মামনি শৰ্মা আৰু ৰাজশ্ৰী সেনাপতি গগৈয়ে প্ৰতিযোগিতাৰ বিচাৰক হিচাপে ফলপ্ৰসূ ফলাফল দি কণমানি ছাত্ৰ ছাত্ৰীসকলক আন্তৰাষ্ট্ৰীয় নৱকবি হিচাপে উলিয়াই আনে। ৯ জানুৱাৰী তাৰিখে পুনৰ আবৃত্তি প্ৰতিযোগিতাত বিচাৰক ড° বিদিশা মহন্ত আৰু শ্ৰদ্ধাৰ সুদৰ্শনা ৰাজগুৰুৱে বিচাৰক হিচাপে সহযোগিতা আগবঢ়াই সংস্থাৰ বিচাৰকসকলৰ সহযোগিতা অতিশয় কৃতজ্ঞ বুলি উল্লেখ কৰে৷
অতি কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰী সকলৰ অংশগ্ৰহণে যথেষ্ট সঁহাৰি লাভ কৰে৷ বিচাৰক আৰু আহ্বায়কে নতুন কবিসকলৰ উত্থানৰ বাবে এক বৃহৎ প্ৰচেষ্টা চলাইছে৷ ৰাজশ্ৰী সেনাপতি গগৈয়ে শংকৰদেৱ বিদ্যা নিকেতনৰ বিদ্যালয়ৰ অধ্যক্ষ অল্পনা বৰবৰা শৰ্মাক তেওঁলোকৰ সৈতে কৰ্পৰেট কৰাৰ বাবে নতুন কবিসকলক আন্তঃৰাষ্ট্ৰীয় জগতলৈ প্ৰদৰ্শন কৰাৰ বাবে এই মহান আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।

ৰাজশ্ৰী সেনাপতি গগৈয়ে লগতে বিদ্যালয়ৰ শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি উন্নীতকৰণৰ বাবে পূৰ্ণ সহযোগিতা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছে, এই মহৎ ভাৰতৰ, অসমত সুযোগ দিয়াৰ বাবে চিনমায়া ফাউণ্ডেচনলৈ ধন্যবাদ জ্ঞাপন কৰে ইন্টাৰনেছনেল ফ্ৰিলেঞ্চ এমেবেচাদৰে।






