চামতাত ‘কবিতাৰ সৈতে শৰতৰ আবেলি’ অনুষ্ঠান সমাপন -চেকনাৰে শব্দ চেকি কবিতা ৰচনা কৰিবলৈ আহ্বান ডঃ বিনয় কুমাৰ মজুমদাৰৰ

নলবাৰী : পশ্চিম নলবাৰীৰ কবি সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা কবি সন্মিলনৰ সহযোগত ২৪ অক্টোবৰৰ আবেলি চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ মঞ্চসূৰ্য ধৰণী বৰ্মন সভাঘৰত ‘কবিতাৰ সৈতে শৰতৰ আবেলি’ শীৰ্ষক এক বিশেষ মননশীল কাব্যানুষ্ঠান সম্পন্ন হয় । উল্লেখ্য, নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি তথা প্ৰবীণ কবি ভুৱনেশ্বৰ ডেকাৰ সঞ্চালনাত সম্পন্ন হোৱা এই মননশীল কাব্যানুষ্ঠানত নলবাৰীৰ শংকৰদেৱ একাডেমিৰ অধ্যক্ষ তথা বিশিষ্ট কবি ডঃ বিনয় কুমাৰ মজুমদাৰে আমন্ত্ৰিত পৰ্যালোচক হিচাপে অংশ লৈ পঠিত কবিতাবোৰৰ সন্দৰ্ভত বিস্তৃত আলোচনা আগবঢ়ায় । পৰ্যালোচক–বিশিষ্ট কবি ডঃ মজুমদাৰে কবিসকলক চেকনাৰে শব্দ চেকি কবিতা ৰচনা কৰা বিষয়ত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু লঘু উদ্যোগ ভাৰতীৰ উত্তৰ-পূবৰ সম্পাদক অৰূপ বৰপূজাৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰাসংগিক ভাষণ প্ৰদান কৰে । নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দ্বিপেন মেনাই আঁত ধৰা অনুষ্ঠানটিত কবি আবেদুৰ ৰহমান, গণেশ বৰ্মন, আব্দুল মজিদ, ৰাজীৱ দত্ত, অজিত ৰাজবংশী, দিলীপ তালুকদাৰ, নিজৰা ডেকা, অৰ্চনা দেৱী, দ্বিজেন কাকতি, বিনয় শৰ্মা, প্ৰাণজিৎ শৰ্মা, বুবুল কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ বৰ্মন, সোণতৰা দেৱী, মৃগেন শৰ্মা, পুৰুষোত্তম দাস, দিগন্ত বৰ্মন, নিৱেদিতা ডিম্পল, ৰাজেন বৈশ্য, মণ্টু বৰ্মন, অংকুৰ বৰ্মন, নিশাৰাণী তালুকদাৰ, মৰ্জিয়া চেহনাজ, জ্যোতিষ্মৃতা বৰ্মন, গৌতম বৰ্মন প্ৰমুখ্যে ভালেসংখ্যক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে । মাটিৰ চাকিৰ পোহৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হোৱা এই অনুষ্ঠানতে দীপক কুমাৰ শৰ্মাক সভাপতি, ৰাজীৱ দত্তক কাৰ্যকৰী সভাপতি, দিলীপ তালুকদাৰ, বিনয় শৰ্মা, নৱজ্যোতি মিশ্ৰক উপ সভাপতি, গণেশ বৰ্মনক সম্পাদক, বৰষা বৰ্মন, দিগন্ত বৰ্মন, নিজৰা ডেকাক যুটীয়া সম্পাদক, আব্দুল মজিদক পত্ৰিকা সম্পাদক, প্ৰদীপ কুমাৰ বৰ্মন, বুবুল কুমাৰ শৰ্মা, গৌতম বৰ্মন, জয়ন্ত শৰ্মা, ৰাজেন বৈশ্য, দ্বিজেন কাকতি, অৰ্চনা দেৱী, মৃগেন শৰ্মা, নিৱেদিতা ডিম্পল আৰু সোণতৰা দেৱীক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ অসম কবি সন্মিলনৰ পশ্চিম নলবাৰী শাখা সমিতিখনো গঠন কৰা হয় । অনুষ্ঠানৰ শেষত অনুষ্ঠানৰ অন্যতম আহ্বায়ক–কবি ৰাজীৱ দত্তই উপস্থিত সকলোলৈ শলাগ জ্ঞাপন কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.