ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-কৰ্মীৰ উপস্থিতিত সভা সম্পন্ন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি সুকলমে অনুষ্ঠিত হয়।
ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেন্দ্ৰীয় উপ সভাপতি হেমচন্দ্ৰ গোস্বামী,নলবাৰী জিলাৰ উপদেষ্টা নিৰোদ দাস , সভাপতি পাৰ্থপ্ৰতীম শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিপল ডেকা সমন্নিতে আঞ্চলিক আৰু বিভিন্ন শাখাৰ ছাত্ৰ কৰ্মীসকল উপস্থিত থাকে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই সভাত উপস্থিত থকা কৰ্মীসকলক উদ্দেশ্যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো দিশৰ ওপৰত ভাষণ প্ৰদান কৰি জাতীয়তাবাদৰ সুত্ৰ, লক্ষ্য, উদ্দেশ্য,আদৰ্শগত তত্ত্ব, আৰু দাবী সমুহৰ ওপৰত আলোচনা কৰে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.