ঘগ্ৰাপাৰৰ চিলিং গাঁৱত ২৩ সংখ্যক শ্ৰী শ্ৰী কালী পূজা আয়োজন ::

 

ক’ভিড-১৯ জটিল পৰিৱেশৰ মাজতে আন বছৰ দৰে এই বাৰো অনুষ্টুপীয়াকৈ আয়োজন কৰিছে কালি পূজা নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলিং গাঁৱত।


গাওঁ খনৰ ঐতিহ্যমণ্ডিত নৱগ্ৰহ মন্দিৰত শ্ৰী শ্ৰী কালী পূজা ‌ ভাগ আয়োজন কৰিছে গাৱঁৰ ৰাইজে।

শ্ৰী শ্ৰী কালী পূজা উপলক্ষে সহস্ৰ পাঠ দিন যোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচী অনুসৰি বুধবাৰে পুৱা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেশ বৰদলৈয়ে বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচীৰ আৰম্ভ কৰে।

ইয়াৰ পিছতে পৰম্পৰা ৰক্ষা কৰি যথাবিহিত পূজা অৰ্চনা,বন্দনা,আয়তী নাম পৰিবেশন হয়।

দুপৰীয়া নাগাৰা নামৰ বিশিষ্ট পাঠক বদন তালুকদাৰে নাম পৰিৱেশন কৰি ৰাইজক আল্পুত কৰি তুলে ।

বিয়লি পূজা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ‍্যামন্ত শৰ্মাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় কেইগৰাকী উদিয়মান শিল্পীয়ে গীত পৰিৱেশন কৰে।ক’ৰোনা সৃষ্ট পৰিৱেশৰ বাবে পূজাস্থলীত ভক্ত প্ৰাণ ৰাইজে যাতে ভিৰ নকৰে তাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ কৈলাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাতুল শৰ্মাই আগতীয়াকৈ প্ৰচাৰ কৰি দিয়ে।

সন্ধিয়া পূজা পৰিচালনা সমিতিৰ সভাপতি আৰু সহ সম্পাদক অৰূপ শৰ্মা আৰু সুভাষ শৰ্মাৰ তত্বাৱধানত এলানি বন্তি প্ৰজ্বলন কাৰ্য্যসূচীও ৰূপায়ণ কৰা হয়।

প্ৰেৰক : ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.