ঘগ্ৰাপাৰৰ-আল্লিয়াত নোনা নৈৰ বাঁহৰ দলং উটি যোৱাত যোগাযোগ বিচ্ছিন্ন

■ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলৰ ৮/১০ খন গাঁৱৰ ৰাইজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

উল্লেখ‍্য যে, আল্লিয়া-দ্বাৰকুছী সংযোগী পথছোৱাৰ ওপৰত উক্ত স্থানত নোনা নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কাম কৰিছিল এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰ জৈনক বেজবৰুৱাই। কিন্তু দুখৰ বিষয যে আজি প্ৰায় চাৰিবছৰে উক্ত পকী দলংখনৰ নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হোৱাত এখন অস্থায়ী বাঁহৰ সাঁকোৰে পথচাৰী ৰাইজে ইপাৰ-সিপাৰ হৈছিল যদিও নৈখনৰ বাঢ়নী পানীয়ে আজি বাঁহ সাঁকোখন উটুৱাই নিয়ে।

সম্প্ৰতি যাতায়ত বন্ধ হৈ পৰিছে। ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসৰ নেতৃত্বত এটি সজাঁটি দলে আজি আবেলি উক্ত স্থান পৰিভ্ৰমণ কৰি ক্ষোভিত হৈ পৰে।

দলটোৱে শীঘ্ৰে যাতায়ত-যোগাযোগ সুচল কৰি তুলিবলৈ প্ৰশাসন দাবী তুলিছে।ইফালে দুৰ্নীতি পৰায়ণ ঠিকাদাৰক আছুৱে নাকী লগাবলৈ চৰকাৰ তথা গড়কাপ্টানী মন্ত্ৰীকো দাবী জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.