ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত গাওঁ সভাৰ সদস্যসকলৰ মত- বিনিময় সভা

↔ গঠন হ’ল বড়িগোগ বনভাগ মণ্ডলৰ গাওঁ সভাৰ সদস্য সদস্যা উন্নয়ন সমিতি।

নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ অন্তৰ্গত গাওঁ সভাৰ সদস্য সকলে ঘগ্ৰাপাৰ হৰি মন্দিৰত এখন মত-বিনিময় সভা অনুষ্ঠিত কৰে।

উদ্ধৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৰ্তমান পঞ্চায়ত সমূহত গাওঁ সভাৰ সদস্য সকলক এলাগি কৰি ৰখা আৰু দৰমহা নোপোৱাৰ ক্ষেত্ৰত বিষদ আলোচনা কৰে।

সভাত গাওঁ সভাৰ সদস্য সকলে মনৰ ভাব ব্যক্ত কৰাৰ লগতে বড়িগোগ বনভাগ মণ্ডলৰ গাওঁ সভাৰ সদস্য সদস্যা উন্নয়ন সমিতি গঠন কৰে।

অনাগত দিনবোৰত উন্নয়ন সমিতিয়ে গাওঁ সভাৰ সদস্য সকলৰ অভাৱ অভিযোগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি সভাপতি উদ্ধৱ কলিতাই সাংবাদিকৰ আগত উল্লেখ কৰে।

উক্ত সভাত নলবাৰী জিলা বিজেপিৰ সহ: সম্পাদক দ্বীপেন কলিতাৰ লগতে গাওঁ সভাৰ সদস্য সদস্যা সকলে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.