31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ঘগ্ৰাপাৰত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ সামৰণি

    ঘগ্ৰাপাৰত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাৰ সামৰণি

    ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ

    অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰুপায়িত স্হানীয় অনুষ্ঠান পূৱ নলবাৰী হাইস্কুলৰ অধীনত প্ৰতিষ্ঠিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাখনি শনিবাৰে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি শংকৰদেৱ শিশু বিদ্যা নিকেতন,ঘগ্ৰাপাৰত, বিজ্ঞান ভিত্তিক মডেল প্ৰস্তুত কৰা,বিজ্ঞান ভিত্তিক পোষ্টাৰ অংকন,বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা আৰু বিজ্ঞান ভিত্তিক ধাৰণা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷

    বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে৷উক্ত প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্হানপ্ৰাপ্তক মানপত্ৰ,ট্ৰফী,কিতাপ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ইয়াৰ পুৰ্বে
    প্ৰতিয়োগিতাখনি উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয় ৰ অৱসৰী অধ‍্যাপক তথা আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ, নলবাৰী জিলা সমিতিৰ সভাপতি ড০ দীনমণি ভাগৱতীয়ে।আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ ৰ খণ্ড সমন্বয়ক সঞ্জয় দাসে আঁত ধৰা অনুষ্ঠানটিত আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰৰ,নলবাৰী জিলা সমন্বয়ক প্ৰদীপ মহন্ত, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ আদিয়ে উপস্থিত থাকে।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.